Thursday 21 March 2019

ছাগলী পালনেৰে স্বনিয়োজন why does goat farming is profitable in Assam


ছাগলী পালনক কিয় লাভজনক ব্যৱসায় বুলি গণ্য কৰা হয়?




১)ছাগলী পুহিবলৈ অধিক মূলধনৰ প্ৰয়োজন নহয় ৷ আন ঘৰচীয়া জন্তুতকৈ কম কষ্ট আৰু কম খৰচতেই ছাগলী পালন কৰিব পাৰি৷

২)সৰু শাৰীৰিক গঠন  আৰু শান্ত স্বভাবৰ বাবে পৰিয়ালৰ যি কোনো মানুহে সহজেই ৮-১০ জনী  চোৱা মেলা কৰিব পাৰি ৷

৩)হজম শক্তি প্ৰচুৰ হোৱা বাবে ছাগলীয়ে গছৰ পাত, ঘাহঁ-বন আদিৰ উপৰিও গছৰ ঠানি, ফুল, ফল, আদি খায় জীয়াই থাকিব পাৰে ৷

৪)ছাগলীৰ ঘৰ অতি সাধাৰণ ভাবেই সাজি উলিয়াব পাৰি ৷ আকাৰ সৰু হোৱা বাবে ৰাখিবলৈ কম ঠাইৰ আৱশ্যক হয় ৷

৫)মাংস আৰু গাখীৰ দুয়োটাৰ বাবে ছাগলী পোহা হয় ৷
৬)ছাগলীয়ে সকলো ধৰণৰ জলবায়ুৰ লগত খাপ খাব পাৰে আৰু ইহঁতৰ বেমাৰ- আজাৰো কম ৷

●●কেইটামান ভাৰতীয় ছাগলীৰ জাত:



১.অসমৰ থলুৱা জাত (Assam Local) :

 অসমৰ  থলুৱা জাতৰ ছাগলী মাংসৰ বাবে পোহা হয় ৷ ৬-১২ মাহৰ ভিতৰত প্ৰজননৰ ক্ষমতা প্ৰাপ্ত হোৱা দেখা যায় ৷ ইহঁতৰ দুটা বা ততোধিক পোৱালী দিয়াৰ ক্ষমতা আছে ৷ গাৰ গঠন সৰু যদিও এবছৰ বয়সত প্ৰায় ১৪ কিলোগ্ৰাম  ওজনৰ হয় ৷ এই ছাগলী বোৰ অসমৰ জলবায়ুৰ সৈতে সুন্দৰ ভাৱে খাপ খোৱা দেখা যায় ৷

২.বিটাল (Beetal):

পাঞ্জাৱ আৰু হাৰিয়ানাৰ এই জাতৰ ছাগলীয়ে অসমৰ জলবায়ুৰ লগত সহজে খাপ খাব পাৰে ৷বিটাল ছাগলী মাংস আৰু গাখীৰ দুয়োৰে বাবে পোহা হয় ৷ ইহঁতৰ ওজন প্ৰায় ২১ কিলোগ্ৰাম হয় আৰু প্ৰতিদিনে ৫০০-৮০০ মিলিলিটাৰ গাখীৰ দিয়াৰ সামৰ্থ্য আছে ৷

৩.বাৰবাৰী (Barbari) :

বাৰবাৰী ছাগলী উত্তৰ প্ৰদেশত পোৱা যায় ৷ এই ছাগলীবোৰ  মাংস আৰু গাখীৰ দুয়োটাৰ বাবে পোহা হয় ৷ গাৰ গঠন সৰু আৰু এবছৰত প্ৰায় ১৫ কিলোগ্ৰাম ওজনৰ হয় ৷ বাৰবাৰী ছাগলীয়ে ৭০০-১৩০০ মিলিলিটাৰ গাখীৰ দিব পাৰে৷

৪- যমুনাপাৰী (Jamunapari):

ভাৰতবৰ্ষৰ সবাতোকৈ জনপ্ৰিয় এইজাতৰ ছাগলীয়ে দৈনিক ১৫০০ মিলিলিটাৰ গাখীৰ দিব পাৰে ৷ যমুনাপাৰী ছাগলী উত্তৰ প্ৰদেশ আৰু বিহাৰত পোৱা যায় ৷ ইহঁতে এবাৰত এটাহে পোৱালী দিয়ে ৷ এবছৰত প্ৰায় ২৯ কিলোগ্ৰাম ওজনৰ হয় ৷এই ছাগলী বোৰ মুকলিকৈ চৰি - ফুৰি সোনকালে ডাঙৰ হয় ৷

৫- বৰ্ণসঙ্কৰ ছাগলী (Crossbred Goats):

কোনো  সম্পৰ্ক নথকা দুটা জাতৰ ছাগলীৰ প্ৰজননৰ ফলত উৎপাদিত  পোৱালীবোৰক বৰ্ণসঙ্কৰ ছাগলী বোলা হয় ৷ এই পদ্ধতিৰ সহায়ত উচ্চ্ক্ষমতা সম্পন্ন চৰিত্ৰ একত্ৰিত কৰি ভৱিষ্যত প্ৰজন্মত উৎপাদন বঢ়াব পাৰি ৷

কিন্তু অসমৰ থলুৱা জাতৰ ছাগলীত অকল গাখীৰৰ উৎপাদন বৃদ্ধিৰ বাবে- অসমৰ থলুৱা জাতৰ মাইকী ছাগলীৰ লগত যমুনাপাৰী জাতৰ মতা ছাগলীৰ প্ৰজনন আৰু তাৰপৰা উৎপাদিত বৰ্ণসঙ্কৰ পোৱালীৰ মাজত প্ৰজনন কৰাব লাগে ৷


●●পোহনীয়া ছাগলীৰ নিৰ্বাচন:
(ক) মাইকী ছাগলী:

১)মাইকী ছাগলীজনী থলুৱা জাতৰ হোৱা ভাল ৷

২)দৈহিক গঠন আকৰ্ষণীয় আৰু থিয় হৈ থাকোঁতে চাৰিওটা ঠেঙত সমানে ভৰ পৰা হ’ব লাগে ৷

৩)গাখীৰ উৎপাদনৰ বাবে পোহা ছাগলীৰ ক্ষেত্ৰত সন্মুখৰ ফালতকৈ পিছফালটো বেছি বহল হ’ব লাগে ৷

৪)ওহাঁৰ আৰু ইয়াৰ বাটবোৰ যথাস্থানত থকাটো প্ৰয়োজনীয়
৫)অধিক সংখ্যক পোৱালী জন্ম দিয়া মাকৰ সন্তান



৬)মাইকী ছাগলী সাধাৰণতে ৬-১২ মাহৰ বয়সত প্ৰথম গৰম হয় আৰু ১৮-২৪ দিনৰ মূৰে মূৰে পুনৰাবৃত্তি হয়, যেতিয়ালৈকে গৰ্ভধাৰণ নহয় ৷

৭)এজনী মাইকী ছাগলী ২-৩ দিন গৰম হৈ থাকে আৰু সেইসময়ত উপযুক্ত মতাৰে প্ৰজনন কৰাব লাগে ৷

৮)প্ৰজননৰ পৰা পোৱালী জন্ম দিয়ালৈকে ছাগলীক গঢ়ে ১৪৮ দিন লাগে ৷

●●(খ) মতা ছাগলী:

১)ভৱিষ্যত প্ৰজন্মৰ পৰা আশানুৰূপ ফল পাবলৈ হ’লে মতা ছাগলী বাছনিৰ ওপৰত গুৰুত্ব দিব লাগে ৷

২)উন্নত গাৰ গঠন, আটিল স্বাস্হ্য, ঠেং কেইটা সমানে মাটিত পৰা আৰু নিৰোগী মতা ছাগলী বাছনি কৰিব লাগে ৷

৩)মতা ছাগলীয়ে ৭-১২ মাহৰ ভিতৰত প্ৰজনন ক্ষমতা পায়
৪)প্ৰজনন ক্ষমতা প্ৰাপ্ত ছাগলীক দিনে ৩-৫ কিল’মিটাৰ খোজ কাঢ়িবলৈ দিব লাগে ৷

৫)সাধাৰণতে এটা মতা ছাগলীয়ে ৫০ জনী ছাগলীক গাভিনী কৰিব পাৰে

৬)যিবোৰ মতা ছাগলী প্ৰজননৰ বাবে অনুপযুক্ত, সিহঁতক ৩ মাহ বয়সত খাহী কৰাব লাগে ৷

৭)খাহী কৰিলে দেহৰ ওজন বাঢ়ে, মাংসৰ গুণগুণ বৃদ্ধি হয় আৰু অবাঞ্চিত প্ৰজনন ৰোধ হয় ৷

●●ছাগলীৰ ঘৰ:

১)ছগলী ঘৰৰ বাবে শুকান, আহল-বহল, বতাহ চলাচল কৰিব পৰা, পোহৰ পৰা ঠাই উপযুক্ত ৷

২)৫ ফুট বহল আৰু ৭ ফুট দীঘল বাঁহ-খেৰেৰে নিৰ্মিত সাধাৰণ ঘৰ এটাত ৩-৫ জনী ছাগলী ৰাখিব পাৰি

৩)যিহেতু আমাৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণ আৰু আৰ্দ্ৰতা বেছি সেয়েহে চাংঘৰত ছাগলী পালন কৰাটো উত্তম৷

৪)চাংঘৰৰ বাবে ছাগলী থকা মজিয়াখন ঘৰটোৰ ভেটিৰ পৰা ৩-৩.৫ ফুট  ওখ কৰিব লাগে ৷

৫)ছাগলী এজনীৰ বাবে ২.৫ ফুট X ৮.৫ ফুট মজিয়াৰ প্ৰয়োজন ৷

৬)ঘৰৰ চালখন খেৰ বা এচবেচটচেৰে সাজিলে বছৰটোৰ সকলো সময়তে কোঠাটোৰ উষ্ণতা প্ৰায় একে থাকে ৷

৭)চাংঘৰত ছাগলী প্ৰতিপালন কৰিলে ছাগলীবোৰ মল-মূত্ৰৰ সংস্পৰ্শলৈ নাহে আৰু বহু ধৰণৰ পেলুৰ পৰা মুক্ত হৈ থাকে

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
যুগুতালে: অনিন্দিতা স্বৰ্ণকাৰ
(এচ আৰ বি গ্ৰুপ)

Also read: ঘৰৰ পেলনীয়া আৱৰ্জনাৰে কেচুসাৰ প্ৰস্তুত প্ৰণালী

Saturday 2 March 2019

LIC India ত বৃহৎ সংখ্যক পদ খালী

দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ জীৱন বীমা কোম্পানী এল আই চি আই(LIC India) ত বৃহৎ সংখ্যক পদ খালী। ইচ্ছুকসকলে আবেদন কৰক-