Tuesday 6 November 2018

ঘৰুৱা পেলনীয়া আৱৰ্জনাৰে কেঁচুসাৰ প্ৰস্তুত প্ৰণালী

ঘৰৰ পেলনীয়া জাৱৰ-জোঁথৰেৰে কেনেদৰে জৈৱিক কেচুসাৰ প্ৰস্তুত কৰিব চাওঁ আহক-

প্ৰথমেই কোৱা ভাল কেচুঁসাৰ সম্পূৰ্ণ জৈৱিক আৰু কমখৰচী।



বৰ্তমান সময়ত জৈৱিক সাৰৰ যোগেদি অধিক উৎপাদনৰ লগতে মাটিৰ স্বাস্থ্য আৰু পৰিৱেশ ৰক্ষা কৰাৰ প্ৰয়োজন আহি পৰিছে।ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱ প্ৰয়োগ কৰি উৎপাদন কৰা শাক-পাচলি, ফল-মূল বৰ্জন কৰি ঘৰতে জৈৱিকভাৱে উৎপাদন কৰিবলৈ ঘৰৰ পেলনীয়া জাৱৰ-যোঁথৰেৰে কম ঠাইতে কম খৰচেৰে 'কেচুঁসাৰ' প্ৰস্তুত কৰি লওঁক-



যিকোনো কেচুঁৱে কেচুঁসাৰ প্ৰস্তুত কৰিব নোৱাৰে।মূল তিনিবিধ কেচুঁ কেচুঁসাৰৰ বাবে ব‍্যৱহাৰ হয়-
ক) Eisenia Foetida (এইচেনীয়া ফটিদা)
খ) Eudrillus Eugunae (ইউড্ৰিলাচ ইউজিনী)
গ) Lumbricus Terrestris (লোমব্ৰিকাচ তেৰেষ্ট্ৰিছ)



প্ৰস্তুত প্ৰণালী:

১)কেচুঁসাৰৰ বাবে ১০ফুট দীঘল,৪ফুট বহল আৰু ৩ফুট ওখ(ইচ্ছানুসৰি আকাৰ সৰু-ডাঙৰ হব পাৰে) এটা টেংকী বনাই লব।টেংকীটো পকী,পাষ্টিকৰ বেগ নাইবা বাঁহেৰে নিৰ্মিত সুৰক্ষিত হব লাগে।



২)টেংকীৰ তলিঅংশ শিলগুটি নাইবা ইটাৰে তৰপ দি লব।

৩)তাৰ ওপৰত প্ৰায় ২ইঞ্চিৰ এটা বালিৰ তৰপ দিব।

৪)বালিৰ তৰপটোৰ ওপৰত প্ৰায় ১০ ইঞ্চিৰ পলসুৱা মাটিৰ তৰপ দিব।

৫)তাৰ ওপৰত গোৱৰৰ ৪-৫ ইঞ্চিৰ এটা তৰপ দিব লাগে।তাৰ ওপৰত পূৰ্বতে শুকুৱাই ৰখা জাৱৰ-যোথৰ,ঘাঁহ-বন আদি দিব।

Also read: অসমৰ জলবায়ুত আমেৰিকান হোৱাইট পেকিন হাঁহ পালন কৰি স্বাৱলম্বী হওঁ আহক

৬)পিছত প্ৰায় ১-১.৫ কেজি কেচুঁ মেলি দিব লাগে।

৭)জাৱৰ হিচাপে মেটেকা,কলগছ,ঘৰৰ পেলনীয়া শাক-পাচলিৰ বাকলি আদি দিব পাৰে।কলগছ সৰু সৰুকৈ কাটি দিলে কেচুঁবোৰৰ খাবলৈ সুবিধা হয়।

৮)তৰপবোৰ সেমেকাই ৰাখিবলৈ মাজে মাজে পানী চটিয়াই থাকিব।



৯)১৫ দিনমান পিছৰ পৰা তৰপবোৰ লুটিয়াই দিব লাগে।

১০)কেচুঁবোৰ বগাই আতঁৰি নাযাবলৈ মিশ্ৰণটোৰ ওপৰত বস্তাৰে ঢাকি ৰাখিব লাগে।লক্ষ্য ৰাখিব যাতে বতাহ চলাচলৰ সুবিধা থাকে।

১১)প্ৰায় ২-৩ মাহ পিছত কেচুঁঁসাৰ প্ৰস্তুত হব।আৱৰ্জনাবোৰ ক'লা বা মুগা বৰণৰ হ'লেই বুজা যাব যে কেচুসাৰ চপাবৰ হৈছে।



১২)সাৰবোৰ টেংকীৰ পৰা উঠাই আনি ৬-৭ ঘন্টাৰ বাবে ছাঁত শুকুৱাই চালনীৰে চালি কেচুঁবোৰ পৃথক কৰি পুণৰ টেংকীত মেলিব।

বি:দ্ৰ: বিহ ঢেকীয়া, প্লাষ্টিক,কচু আদি নিষিদ্ধ।



*বৰ্তমান কেচুঁসাৰৰ চাহিদা আৰু বজাৰ মূল্য অধিক। আপুনি ঘৰুৱা ব‍্যৱহাৰৰ ওপৰিও ব‍্যৱসায়িক ভাৱেও ইয়াৰ গঢ় দিব পাৰে।

কেচুঁ আৰু যিকোনো দিহাৰ বাবে যোগাযোগ কৰক-

Rajumoni bhuyan
8473842676

Anindita swornakar
8473955366
SRB Group of Entrepreneurship

6 comments: