Wednesday 13 March 2019

নিজাকৈ এটা উদ‍্যোগ স্থাপন কৰিব বিচাৰি আছে নেকি! কেনেদৰে আগবাঢ়িব চাওক--

নিজাকৈ এটা উদ‍্যোগ গঢ় দি প্ৰতিস্থিত হব বিচাৰি আছে নেকি? তেন্তে কেনেদৰে আগবাঢ়িব চাওঁ আহক-
অসমৰ যুৱ উদ‍্যমীয়ে সহজে লাভান্বিত হব পৰা এটা উদ‍্যোগ হল- মমবাতি তৈয়াৰী উদ‍্যোগ





ঘৰতে কম বাজেটেৰে আৰম্ভ কৰি লাভৱান হব পৰা উদ‍্যোগসমূহৰ ভিতৰত উল্লেখযোগ্য হল- মমবাতি তৈয়াৰী উদ‍্যোগ।মানুহে যিহেতু উৎসৱ-পাৰ্বণ,ধৰ্মীয় ৰীতি-নীতিৰ উপৰিও ঘৰুৱা ব‍্যৱহাৰৰ বাবেও মমবাতি ক্ৰয় কৰে,গতিকে এনে উদ‍্যোগৰ দ্বাৰা লাভান্বিত হোৱাৰ পথ অত্যন্ত সুগম।


মমবাতি তৈয়াৰী উদ‍্যোগ কেনেদৰে গঢ় দিব,উল্লেখযোগ্য কেইটামান দিশ:


১) কেনেকৈ মমবাতি তৈয়াৰ কৰে শিকক:


প্ৰথমে আপুনি অনলাইনতে হওঁক বা কোনো প্ৰশিক্ষণ কেন্দ্ৰৰ পৰাই হওঁক,মমবাতি তৈয়াৰ কৰাৰ এটা প্ৰশিক্ষণ গ্ৰহণ কৰক আৰু নিজকে প্ৰয়োজনত এগৰাকী শ্ৰমিক হব পৰাকৈ উপযুক্ত কৰক।


২)উদ‍্যোগৰ বাবে প্ৰয়োজনীয় নথি সমূহ:

মমবাতি উদ‍্যোগ স্থাপন কৰোঁতে প্ৰয়োজন হোৱা সকলো ধৰণৰ অনুজ্ঞাপত্ৰ,বীমা,ব‍্যৱসায়িক ডকুমেন্টছ সাজু ৰখাৰ ক্ষেত্ৰত অৱহেলা নকৰিব‌।


৩) আচঁনি (business plan) তৈয়াৰ:

ব‍্যৱসায় আৰম্ভ কৰাৰ লগে লগে আপুনি এখন পৰিপক্ক আচঁনি প্ৰস্তুত কৰি লওঁক। কেচামাল সংগ্ৰহৰ পৰা আৰম্ভ কৰি বিক্ৰীৰ বাবে সামগ্ৰী বজাৰ পোৱালৈকে সকলোবোৰ দিশ আচঁনিবদ্ধ কৰক।


৪) চেট-আপ(set-up) তৈয়াৰ:

নিদিষ্ট স্থানত উদ‍্যোগ গঢ় দিয়াৰ পিছত সুস্থ পৰিচালনাৰ প্ৰয়োজন আহি পৰিব‌। ল'গ' তৈয়াৰ, পুস্তিকা(catalog),কাৰ্ড আদিৰে গ্ৰাহকৰ কাষ চপাৰ প্ৰয়োজন।




প্ৰতিটো পেকেটৰ ওপৰত আকৰ্ষণীয় লেবেলিং,ব‍্যৱহাৰৰ নিৰ্দেশনা আদি স্পষ্ট হোৱা দৰকাৰ।


৫) কেচা সামগ্ৰী (Raw Materials for candle making)

মমবাতি তৈয়াৰ কৰিবলৈ মুলতঃ আপোনাক প্ৰয়োজন হব-

* পেৰাফিন(paraffin), মম(Wax)

* কনটেইনাৰ(Container)

* ৰং

* পেকেজিঙৰ সামগ্ৰী।


৬) বিক্ৰীৰ বাবে বজাৰ:

যিকোনো সামগ্ৰী উৎপাদন কৰাৰ পিছত বজাৰখন লব পাৰিলেহে আটাইবোৰ পৰিকল্পনা,কষ্ট ফলপ্ৰসূ হব।

বিক্ৰীৰ বাবে আপুনি হ'লচেল বা ৰিটেইল দুই ধৰণৰে ব‍্যৱস্থা লব পাৰে।

যদি আপুনি অনলাইনত সামগ্ৰী বিক্ৰী কৰিব খোজে,তেন্তে Amazon, eBay, Etsy আদিয়ে আপোনাক এখন সুন্দৰ বজাৰ দিব।


Read: কেনেদৰে গাহৰি পালন কৰিলে আপুনিও হব পাৰিব লাখপতি


Read: ঘৰতে স্থাপন কৰিব পৰা ১০টা লাভজনক ক্ষূদ্ৰ উদ‍্যোগ


Also related: মূলধন নোহোৱাকৈ কি ব‍্যৱসায় কৰিব পাৰি আৰু লাভ কেনেকৈ হব-


Thanking you...


Anindita Swornakar

SRB Group of Entrepreneurship

3 comments: