Sunday 16 December 2018

টাৰ্কী ফাৰ্মিঙে কেনেদৰে আপোনাক দিব নতুন পৰিচয়



ব‍্যৱসায়িকভাৱে অসমত টাৰ্কী চৰাই পালন জনপ্ৰিয় আৰু লাভজনক হৈ উঠিছে।
খুব কম সময়ৰ ভিতৰতে ব্ৰইলাৰ পালনৰ দৰে টাৰ্কী পালনেও অসমীয়া যুৱক-যুৱতীক স্বনিয়োজনৰ সুন্দৰ পথ দেখুৱাবলৈ সক্ষম হৈছে।অন‍্যহাতে বহু লোকে টাৰ্কী চৰাইক পোহনীয়া চৰাইৰ দৰে(like a pet) পুহিবলৈ লৈছে।



টাৰ্কী ফাৰ্মিং কেনেদৰে আৰম্ভ কৰিব:

টাৰ্কী চৰাই পালনো আন চৰাই পালনৰ দৰে একেই। হাঁহ-কুকুৰা, পাৰ-কুইলৰ দৰেই ইয়াক ঘৰুৱাভাৱে সহজে পালন কৰিব পাৰি।

টাৰ্কী পালনৰ ক্ষেত্ৰত মন কৰিব লগীয়া দিশ কেইটা হ'ল-

Also read: ঘৰুৱা পেলনীয়া আৱৰ্জনাৰে কেঁচুসাৰ প্ৰস্তুত প্ৰণালী

1. জাত নিৰ্বাচন:
সমগ্ৰ পৃথিৱীতে বিভিন্ন জাতৰ টাৰ্কী উপলব্ধ।কিন্তু সকলোবোৰ জাতেই ব‍্যৱসায়িকভাৱে মাংসৰ বাবে পালন কৰিবলৈ উপযোগী নহয়।
লাভজনকভাৱে মাংস উৎপাদন কৰিবলৈ টাৰ্কীৰ আধুনিক জাতসমুহহে সংগ্ৰহ কৰা প্ৰয়োজন।

মাংস উৎপাদন কৰিবলৈ হলে উল্লেখযোগ্য প্ৰজাতিকেইটা হ'ল-
* Broad-breasted white
*Standard Bronze and White
*White Hollands আদি

2.বাঁহ নিৰ্মাণ:

ব‍্যৱসায়িক ভাৱে টাৰ্কী পালন কৰিবলৈ বাঁহটো বাতানুকুল ভাৱে সাঁজি লোৱাৰ প্ৰয়োজন।টাৰ্কী যিহেতু আন চৰাইতকৈ ডাঙৰ আৰু শক্তিশালী, সেয়ে অধিক পালন কৰিবলৈ হ'লে বহল এটুকুৰা ঠাই সুৰক্ষিতভাৱে বেৰি লোৱা ভাল।


*ঠাইখিনি বতাহ চলাচলৰ সুবিধা আৰু পৰ্যাপ্ত পোহৰ পৰা হব লাগে।

*দৈনিক চাফ-চিকুন কৰিব পৰা হব লাগে।

*বেৰ(Fencing)বোৰ যিমান সম্ভৱ সিমান ওখ আৰু মজবুত হ'লে চৰাইবোৰ অধিক সুৰক্ষিত হয়।

3.খাদ্য:

*উৎকৃষ্ট মানৰ খাদ‍্যই চৰাইবোৰক স্বাস্থ্যবান আৰু নিৰোগী কৰি ৰাখিব।

*পোৱালি অৱস্থাত ইহঁতক অধিক প্ৰ'টিনৰ প্ৰয়োজন হয়।


*প্ৰাপ্ত-বয়স্ক টাৰ্কীয়ে ঘাঁহ-বন আদিও খাদ্য হিচাবে গ্ৰহণ কৰে।
Also read:অসমৰ জলবায়ুত আমেৰিকান পেকিন হাঁহ পালন কৰি স্বাবলম্বী হওঁ আহক

ব‍্যৱসায়িক ভিত্তিত পালন কৰা টাৰ্কীবোৰ ১২-২০ সপ্তাহৰ ভিতৰত বজাৰলৈ উলিয়াই দিব পৰা যায়।অসমৰ বজাৰত ইয়াৰ চাহিদা দিনক দিনে বাঢ়ি আহিবলৈ ধৰিছে।ইয়াৰ কণী আৰু মাংসৰ মূল্য অধিক।

পশুপালনৰ ক্ষেত্ৰখনত অসমলৈ অহা এই নতুন বিপ্লৱৰ আপুনিও অংশীদাৰ হওঁক।

# টাৰ্কী ফাৰ্মিঙৰ বিভিন্ন দিহা আৰু ইয়াৰ পোৱালিৰ বাবে যোগাযোগ কৰক-

8473842676
SRB Group of Entrepreneurship
Darrang,Assam

Thanking you
Anindita Swornakar

11 comments:

  1. It will be a very good revolution for the poltry farmers of assam.

    ReplyDelete
  2. Yes... Thank you for your compliment

    ReplyDelete
  3. টাৰ্কী চৰাইৰ বজাৰ সম্পৰ্কে অলপ জনাব নেকি? ব্যৱসায়িক ভিত্তিত টাৰ্কী পালন কৰিলে গুৱাহাটী নতুবা অন্যান্য কোন কোন ঠাইত বিক্ৰী কৰিব পৰা ব্যৱস্থা আছে জনাব।

    ReplyDelete
    Replies
    1. টাৰ্কীৰ বজাৰখন বৰ্তমানেও গুৱাহাটীতকৈ শ্বিলঙত ভাল। roast কৰি বা freezing কৰি নিজা পৰিকল্পনাৰে বজাৰ দখল কৰিব পাৰে।

      Delete
  4. আপুনি আমাৰ SRB group ৰ সৈতে যোগাযোগ কৰিব পাৰে। নং: 8473842676

    ReplyDelete