Saturday 15 September 2018

অসমৰ অৰ্থনীতিৰ নতুন সংযোজন জাপানিজ কুইল চৰাই পালন কৰি স্বাৱলম্বী হওঁ আহক

আৰম্ভনি:

জাপানিজ কুইল চৰাই কি?




জাপানিজ কুইল চৰাই(Japanese quail,অসমীয়াত বতা চৰাই) হৈছে চৰাইৰ এটা ক্ষুদ্ৰ প্ৰজাতি। অসমৰ ধাননি পথাৰত সচৰাচৰ দেখিবলৈ পোৱা বতা চৰাইতকৈ এইবিধ চৰাইৰ আকাৰ সামান্য ডাঙৰ।কম চৰ্বীযুক্ত আৰু অধিক প্ৰটিন সমৃদ্ধ ইয়াৰ কণী আৰু মাংসৰ গুণাগুণ প্ৰচাৰিত হোৱাৰ পিছত জাপানত প্ৰথমে আৰম্ভ কৰা কুইল পালন বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশেই আদৰি লৈছে।

অসমৰ পশু-পক্ষী পালনৰ ক্ষেত্ৰখনত কুইল পালন এক অনন‍্য সংযোজন।বৰ্তমান ভাৰতকে ধৰি চুবুৰীয়া দেশসমুহত ব‍্যৱসায়ভিত্তিত কুইল পালনৰ সম্ভাৱনা খুব উজ্জ্বল।এই ক্ষেত্ৰত চুবুৰীয়া দেশ বাংলাদেশে মূখ‍্য ভূমিকা লৈ আছে।


Also read: কম খৰচেৰে কেচুঁসাৰ প্ৰস্তুত প্ৰণালী

জাত আৰু বৈশিষ্ট‍্য-
সমগ্ৰ বিশ্বত বৰ্তমানলৈকে কুইলৰ ১৮ টা প্ৰজাতি আৱিস্কৃত হৈছে। প্ৰজাতিভেদে ইয়াৰ পাখিৰ ৰং,ওজন,আকাৰ,কণীৰ পৰিমাণ আদিৰ প্ৰভেদ দেখা যায়।

বৈশিষ্ট‍্যসমুহ-
১) ওজন সৰ্বোচ্চ ৪০০ গ্ৰামলৈকে হয়।

২)গড় আয়ুস ৩ বছৰ কাল।

৩)বছৰত ২৯০-৩০০টা কণী পাৰে।অৱশ্যে দ্বিতীয় বছৰৰপৰা কণীৰ পৰিমাণ কমি যায়।

৪)এটা সুস্থ সবল কুইলে ৪৫ দিন বয়সৰ পৰাই কণী পৰা আৰম্ভ কৰে।

৫)কণীৰ আকাৰ সৰু, ওজন প্ৰায় ১০ গ্ৰাম।

৬)কনীৰ বাকলিত ফুটুকা-ফুটুকী আঁচ দেখা যায়।

৭)ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি।

পালন পদ্ধতি-
এই বিধ চৰাই বন্ধ পিঞ্জৰাৰ ভিতৰত পালন কৰা প্ৰয়োজন কিয়নো প্ৰকৃততে ই বনৰীয়া হোৱাৰ বাবে উৰি যাব বিচাৰে।এইখিনিতে উল্লেখ কৰিব লাগিব যে অন‍্য চৰাইৰ তুলনাত ইয়াক ঘনকৈ ৰাখিলেও স্বাভাৱিক ভাৱেই থাকে বাবে কম ঠাইতে অধিক কুইল পালন কৰিব পাৰি।

বাঁহ নিৰ্মাণ:
কুইল পালন কৰিবলৈ হ'লে প্ৰথমে আপোনাক এটা নিৰাপদ পিঞ্জৰাৰ প্ৰয়োজন হব। উল্লেখযোগ্য যে যিমানে
কম খৰচেৰে আপুনি বাঁহ নিৰ্মাণ কৰিব, সিমানে আপোনাৰ বিনিয়োগ কমিব আৰু আপোনাৰ লাভৰ পৰিমাণ বাঢ়িব।

*  ৫ফুট দীঘল,২ফুট বহল আৰু ১ফুট ওখ পিঞ্জৰা এটাত ৫০টা কুইল পালন কৰিব পাৰি।


পালনৰ সুবিধাসমুহ-
১)কুইলৰ পালন ব‍্যৱস্থা অতি সহজ আৰু কম খৰচী।

২)কম ঠাইত অধিক পালন কৰিব পাৰি।

৩)৪৫ দিন বয়সতে মাংসৰ বাবে উপযুক্ত হৈ উঠে।

৪)ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক বাবে মৃত্যুৰ হাৰ কম আৰু কোনোধৰণৰ চিতা দিয়াৰ প্ৰয়োজনীয়তা নাথাকে।

৫)পোহনীয়া আন চৰাইৰ তুলনাত খাদ্যৰ পৰিমাণ কম আৰু অপচয় নকৰে।

৬)কণীৰ পৰিমাণ অধিক বাবে মাংস আৰু কণী দুয়োটা দিশৰ পৰাই লাভান্বিত হব পাৰি।

৭) ব্ৰয়লাৰ পালনৰ দৰে কুইল পালনত অধিক খাটনিৰ প্ৰয়োজন নাই।

৮)ব‍্যৱসায় ভিত্তিত নহলেও সৰু আকাৰৰ পিঞ্জৰাত কমকৈ পালন কৰি ঘৰুৱা চাহিদা পুৰণ কৰিব পাৰি।

৯) ইয়াৰ কণী আৰু মাংসৰ ক্ৰমবৰ্ধমান চাহিদা অনুপাতে যোগান কমি থকাৰ বাবে পালকসকল অধিক লাভান্বিত হব পাৰে।

১০) ইয়াৰ বিষ্ঠাসমুহ সাৰ হিচাবে ব‍্যৱহাৰ কৰিব পাৰি।

কুইলৰ কণী আৰু মাংসৰ গুণাগুণ:

১)মগজুৰ সক্ৰিয়তা বঢ়ায়:
ইয়াৰ কণী আৰু মাংস প্ৰ'টিন আৰু এমিন'এছিডৰ উৎকৃষ্ট ভাণ্ডাৰ। এমিন'এছিডে মগজুৰ কোষসমুহক নিৰাপত্তা দিয়ে আৰু মৃতকোষ পুনৰ গঠনত সহায় কৰে।

২)এনিমিয়া ৰোধ কৰে:
গৱেষণাৰ পৰা গম পোৱা গৈছে যে কুইলৰ কণী আৰু মাংস গ্ৰহণ কৰা মহিলাসকল এনিমিয়াত ভোগাৰ সম্ভাৱনা নাথাকে।

৩) তেজ পৰিশোধক:
কুইলৰ কণীত থকা এমিন'এছিডে মাৰ্কাৰীসদৃশ নিচাজাতীয় ধাতু তেজৰ পৰা আঁতৰাই তেজ পৰিশোধক হিচাবে কাম কৰে।

৪)শিশুৰ শাৰিৰীক বিকাশ ঘটায়:
অধিক প্ৰ'টিন সমৃদ্ধ হোৱা বাবে ই মানৱ দেহৰ বিকাশত অগ্ৰণী ভূমিকা লয় আৰু সবল অংগ সঞ্চালনত সহায় কৰে।

৫) ডায়েবেটিজ ৰোধক:
কুইলৰ কণীত থকা leucine নামৰ এমিন'এচিডে তেজত চুগাৰৰ পৰিমাণ সুস্থ হাৰত বৰ্তাই ৰাখে।সেয়ে ই ডায়েবেটিজ ৰোগীৰ বাবে উত্তম খাদ্য হিচাবে বিবেচিত হৈছে।

৬)চাল আৰু চুলিলৈ সৌন্দৰ্য‍্য আনে:
কুইলৰ কনী আৰু মাংসত থকা ক'লেজিন নামৰ প্ৰ'টিনে চাল সতেজ,উজ্জল কৰি ৰখাৰ লগতে চাললৈ অহা বয়সৰ চাপ আঁতৰায়। স্বাস্থ‍্যৱান চুলিৰ হেতু ই উত্তম খাদ্য।

৭)বাহুত মাংসপেশীৰ সৃষ্টি কৰে:
নিয়মিত ব‍্যায়াম,যোগ কৰা আৰু স্বাস্থ‍্যসচেতন সকলে কুইলৰ কণী আৰু মাংস গ্ৰহণ কৰা প্ৰয়োজন।

৮)হৃদৰোগ নিয়ন্ত্ৰন কৰে:
ইয়াৰ কণী আৰু মাংসত থকা ভিটামিন E য়ে হৃদৰোগৰ সম্ভাৱনীয়তা ২৪% হ্ৰাস কৰে।( Lee ৰ সমীক্ষা অনুসৰি,২০১০)

৯)দৃষ্টিশক্তি বঢ়ায়:
দৃষ্টিশক্তি অটুট ৰাখিবলৈ কুইলৰ কণী আৰু মাংসৰ নিয়মীয়া গ্ৰহণ অতি প্ৰয়োজনীয়। ইয়াত থকা ভিটামিন A চকুক সবলতা প্ৰদান কৰে।

১০)ৰক্তচাপ নিয়ন্ত্ৰণ কৰে:
কুইলৰ কণী আৰু মাংসত অকল প্ৰ'টিনেই নহয়,যথেষ্ট পৰিমাণে ফেটি এছিডো থাকে,যিয়ে মানৱ দেহত ৰক্তচাপ নিয়ন্ত্ৰক হিচাবে কাম কৰে।
ইত্যাদি...

সামৰণি:
উপৰোক্ত আলোচনাৰ পৰা দেখিলো যে জাপানিজ কুইল চৰাই পালনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনীয়তা আছে।কিন্তু অসমৰ বজাৰত ইয়াৰ চাহিদা অনুপাতে যোগান এতিয়াও সীমিত। গতিকে আমি নৱ প্ৰজন্মই অসমত ব‍্যৱসায় আৰু বৈজ্ঞানিক ভিত্তিত 'কুইল ফাৰ্মিং' ত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়।

ফাৰ্মিং সম্পৰ্কীয় সহযোগিতাৰ বাবে আপোনাৰ লগত আছে-

SRB GROUP OF ENTREPRENEURSHIP

Rajumani bhuyan
8876111868

Anindita Swornakar
8473955366
Darrang, Assam

Related article:
উপাৰ্জনশীল হব খোজা মহিলাসকলৰ বাবে মোৰ আন এটা লিখনি 

(বি:দ্ৰ: Share কৰাৰ অনুমতি আছে, কিন্তু লিখকৰ ঠিকনা সলনি কৰিব নোৱাৰিব)
*photo courtesy: internet

ধন্যবাদেৰে

Anindita Swornakar
SRB GROUP OF ENTREPRENEURSHIP

30 comments:

  1. Replies
    1. বতা চৰাই মইও পালন কৰিব খোজো কত আৰু কেনেকৈ পাম জনালে উপকৃত হম

      Delete
  2. ধুনীয়া তথ্য...

    ReplyDelete
    Replies
    1. You may like this article too


      https://anindita18.blogspot.com/2018/08/blog-post_21.html?m=1

      Delete
  3. কুইল চৰাই ৰ খাদ্য কি ? আৰু দাম কিমান?

    ReplyDelete
  4. সচাকৈ জনা নাছিলো , ভাল লাগিল

    ReplyDelete
  5. দৰকাৰী তথ্য।

    ReplyDelete
  6. বৰ উপযোগী লিখনি ।

    ReplyDelete
  7. মই এই চৰাই বিধ পোহা ৪৫ দিন হল কিন্তু কণী পৰা নাই

    ReplyDelete
    Replies
    1. খাদ্য অনুযায়ী কণীৰ ক্ষেত্ৰত তাৰতম্য ঘটে।

      Delete
  8. পঢ়ি ভাল পালো ব্যবসায়টো কৰিবলৈ মন আছে ৷

    ReplyDelete
  9. জানি ভাল লাগিল। ময়ো পালন কৰিম বুলি ভাবিছোঁ। ইয়াৰ দানাৰ বিষয়ে অলপ জনা হলে ভাল লাগিল হেতেন।

    ReplyDelete
  10. 15 দিনৰ পোৱালীৰ দাম কিমান হব? আৰু ই সুস্হ অবস্হাত থকাৰ পিছতো কেতিয়াবা 2/3 মিনিটতে মৰি যায় কিয়?

    ReplyDelete
  11. কল্পজ্যোতি বৰগোহাঞি6 May 2019 at 02:44

    ভাল লাগিল, আপোনাৰ লেখনিৰ পৰা উপকৃত হলো।

    ReplyDelete
  12. অনুগ্ৰহ কৰি জনাব নে পোবালী একোটাৰ বৰ্তমান মূল্য কিমান? 9365873929 হোবাটছ এপ

    ReplyDelete
  13. পোৱালি কত পাম? দাম কিমান?

    ReplyDelete
  14. ময়ো বতা চৰাইৰ ফাৰ্ম খুলিব খোজো,,,,সহায়ৰ প্ৰয়োজন আছিল।।।

    ReplyDelete
  15. Interesting Article. Hoping that you will continue posting an article having a useful information. Rent to Own Trailers USA

    ReplyDelete