Friday 13 July 2018

আপুনি এগৰাকী ব‍্যস্ত মহিলা,ঘৰ-সংসাৰৰ কামৰ মাজতো আপুনি নিতৌ social networking sites সমুহ ব‍্যৱহাৰ কৰে। ঘৰতে বহি ইন্টাৰনেটৰ জৰিয়তে ব‍্যৱসায় কৰিব খোজে নেকি!আপোনাৰ সৃষ্টিক যদি আপুনি প্ৰচাৰ কৰিব খোজে,আপোনাৰ সৃষ্টিশীলতাক যদি বজাৰলৈ উলিয়াই দিব খোজে,তেন্তে এই লিখনিটো আপোনালৈ.... নিজৰ ঘৰৰ পৰাই আপুনি দেখিব সমগ্ৰ পৃথিৱী ব‍্যাপি থকা এখন মুকলি বজাৰ।

উল্লেখযোগ্য যে social networking sites সমুহৰ জৰিয়তে উপাৰ্জন কৰিবলৈ কিছুমান নীতি-নিয়মৰ মাজেৰে আগবঢ়া দৰকাৰ।

১)সাজ-পাৰৰ ব‍্যৱসায়:

বৰ্তমান সময়ত চাদৰ-মেখেলাৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাইছে।যদি আপুনি বোৱা-কটাত ভাল, তেন্তে আপোনাৰ তাঁত-শালত বোৱা কাপোৰ যোৰ ফেচবুকত page খুলি বিক্ৰীৰ বাবে বিজ্ঞাপন দিয়ক।আপুনি বিভিন্ন ডিজাইনৰ সাজ-পাৰ তৈয়াৰ কৰিও বিক্ৰী কৰিব পাৰে।নাইবা আপুনি reseller হবও পাৰে।

২)অলংকাৰৰ ব‍্যৱসায়:
অলংকাৰ তৈয়াৰ কৰাৰ প্ৰশিক্ষণ লৈ আপুনি ফেচবুকত তাৰ বিজ্ঞাপন দিয়ক।উল্লেখযোগ্য যে বৰ্তমান সময়ত হাতেৰে নিৰ্মিত অলংকাৰৰ যথেষ্ট চাহিদা আছে।

৩)উপহাৰ তৈয়াৰ:
যিকোনো শুভ কামত আমি উপহাৰ দিওঁ।বৰ্তমান সময়ত return gift ৰ ধাৰণাও আমাৰ মাজলৈ আহিছে।সেয়ে বজাৰৰ পৰা raw materials কিনি আনি আপোনাৰ সৃষ্টিশীলতাক ব‍্যৱহাৰ কৰক।

৪)লিখা-মেলা:
লিখা-মেলাত যদি আপোনাৰ দখল আছে,তেন্তে বিভিন্ন E-magazine, online competition আদিত ভাগ লৈ আপুনি উপাৰ্জন কৰিব পাৰে।

৫) ব্লগিং(blogging):
Blog তৈয়াৰ কৰি আপোনাৰ লিখনিক এখন সুকীয়া মঞ্চ দিয়ক। তাত বিভিন্ন advertising ৰ স্থান দি আপুনি উপাৰ্জন কৰিব পাৰে।

৬)অনলাইন প্ৰশিক্ষন:
আপুনি যিটো বিষয়ত অভিজ্ঞ সেইটো বিষয়ত ঘৰতে বহি কেনেকৈ প্ৰশিক্ষন দিব? Facebook ত এটা close group তৈয়াৰ কৰক আৰু ভৰ্তি মাছুল লৈ প্ৰশিক্ষন দিয়াৰ ব‍্যৱস্থা কৰক।বিভিন্ন চাকৰিৰ সাক্ষাৎকাৰৰ বাবে প্ৰশিক্ষন দিয়া,NET-SLET আদিৰ বাবে প্ৰশিক্ষন দিয়া তেনে বহুতো group ইতিমধ্যে জনপ্ৰিয়।

পুনৰ উল্লেখ কৰিছো যে অনলাইন ব‍্যৱসায়ৰ বাবে আপোনাৰ ব‍্যৱসায়ৰ সৱিশেষ জনাই registration কৰাই লোৱা প্ৰয়োজনীয়।


Also read:ঘৰৰ পেলনীয়া আৱৰ্জনাৰে কেচুসাৰ প্ৰস্তুত প্ৰণালী

4 comments:

  1. great idea����,, আশা কৰোঁ ইয়াৰ পৰা কাৰোবাৰ উপকাৰ হওক।।

    ReplyDelete
  2. সময়োপযোগী, ইয়াৰ পৰা বহুতো মানুহৰ অৰ্থনৈতিক ক্ষেত্ৰত উপকাৰ হব । এনে অনলাইন ব্যৱসায় অন্যান্য ৰাজ্যত আগৰে পৰা চলি আছে আৰু সফলো হৈছে । আমাৰো হব লাগে ।

    ReplyDelete