Tuesday 26 February 2019

এগৰাকী সফল মাৰোৱাৰী ব‍্যৱসায়ীয়ে অসমীয়া ব‍্যৱসায়ীৰ প্ৰতি কি আহ্বান কৰিছে চাওঁ আহক

এগৰাকী সফল মাৰোৱাৰী ব‍্যৱসায়ীৰ অসমীয়া ব‍্যৱসায়ীৰ প্ৰতি মনৰ কথা-




মই এজন মাৰোৱাৰী ব্যৱসায়ী ।। বহু দিনৰ পৰা আপোনালোকৰ লক্ষ্য কৰি আছো আৰু ভালো লাগিছে আজিৰ অসমৰ প্ৰজন্মই ব্যৱসায়ীৰ প্ৰতি আগ্ৰহী ।। পোন্ধৰ বছৰ আগতে মই আপোনালকৰ মাজৰ পৰাই আহিছিলোঁ গুজৰাতলৈ আৰু থিতাপি লৈছিলোঁ বস্ত্ৰ নগৰী চুৰাটত আৰু তাৰ পাছত আহমেদাবাদ ।। অসমৰ সৰু এখন গাঁৱৰ পৰা আহি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেপাৰ শিকিলো আৰু ঈশ্বৰৰ কৃপাত সফলো হলো ।।

 যিকি নহওক মই মাত্ৰ অপোনালোকক নিজ অভিজ্ঞতাৰ  কেইটামান কথা কম  যিবোৰ আপোনালোকৰ ব্যৱসায়িত হয়তো সহায়ক হব পাৰে ।।


১) ব্যৱসায় কৰিব হলে প্ৰথমে যি বস্তুৰ প্ৰয়োজন তাৰ নাম ধৈৰ্য্য ।।কাৰণ এটা ব্যৱসায়ী সম্পূৰ্ণ ভাবে প্ৰতিষ্ঠা হবলৈ 1000 দিন লয় ।।


২) নিৰ্ণয় লোৱাৰ ক্ষমতা ।।


৩) ৰিসক লোৱাৰ ক্ষমতা ।। 


৪) সততা ।। মানুহে আপোনাক বিশ্বাস কৰিব পাৰে সেই বিশ্বাস মানুহৰ মাজত জগাই তোলাৰ ক্ষমতা আপোনাৰ ভিতৰত থাকিব লাগিব ।। মানে লেনদেন খিনি চাফা আৰু প্ৰতিশ্ৰুতিৰ পাকা হব লাগিব।। কিছুমানে অভিযোগ দিয়ে যে বেংকে আমাক লোণ নিদিয়ে তাৰ কাৰণ লেনদেন খিনি চাফা নহয় বা সিহঁতে(বেংকে) আপোনাক বিশ্বাস নকৰে ।।


৫) কুৱালিটিৰ লগত কোনো কম্প্ৰমাইজ হব নালাগে ।।


৬) মৃদু ব্যৱহাৰ পাতি হব লাগিব ব্যৱসায়ীত দাদাগিৰী নচলে ।। সদায় নম্ৰ হয় থাকিব লাগিব ।।


৭) আটাইতকৈ ডাঙৰ কথা হল  মহাজনৰ খিনি সময়মতে পৰিশোধ কৰিব লাগে যাতে মহাজনৰ বিশ্বাস আপোনাৰ ওপৰত বৰ্তি থাকে ।।


৮) প্ৰতিষ্ঠানৰ হিচাপ নিকাচ খিনি সদায় পৰিপাটী হব লাগে ।। মানে আপোনাৰ ইনভেষ্টমেণ্ট কিমান খৰছ কিমান লাভ বা লোকচান হল তাৰ হিচাপ আপোনাৰ হাতত সদায় থাকিব লাগে ।।


৯)  অৰ্থনীতিৰ মতে যদি 100 খন দোকান খোলা হয় তাৰ মাত্ৰ 10% হে সফল হয় ।। তাৰ 3% খুব ধুনীয়া ব্যৱসায় কৰে বাকী 7% মধ্যম ব্যৱসায় কৰে ।। সেই কাৰণে কেতিয়াও হতাশ হব নালাগে ।। যদি কেনেবাকৈ অসফল হল আকৌ পুন উদ্যমেৰে  সফল কৰিব লাগি যাব লাগে যেতিয়া লৈকে আপুনি আপোনাৰ লক্ষ্যত উপনীত নহয় ।।


১০) কষ্ট কৰিব পাৰিব লাগিব আৰু ব্যৱসায়ত কাম সৰু আৰু ডাঙৰ বুলি একো নাই ।। সেই কাৰণে সকলো কাম কৰিব পাৰিব লাগিব ।। মানে লাজ কৰিব নালাগে যেনে এই কাম মোৰ নহয় বা মোৰ ষ্টেণ্ডাৰ্ডৰ নহয় ।।


১১) ব্যৱসায়ী মানে লাভ বা লোকচান গতিকে দুইটাই হাঁহি হাঁহি গ্ৰহণ কৰিব লাগে ।। লাভ হলে ব্যৱসায় খন আৰু কেনেকৈ আগবঢ়াব পাৰো তাৰ চিন্তা কৰিব লাগে । লোকচান হলে কত মই ভুল কৰিলোঁ তাৰ পৰা শিক্ষা লৈ যাতে তেনে ভুল নহয় আৰু লোকচান খিনি কেনেকৈ কভাৰ কৰিব পাৰো তাৰ চিন্তা কৰিব লাগে ।। হতাশ হয়  বহিলে একো নহয় ।। 

সেইকাৰণে ব্যৱসায়িক উদ্যমী বুলি কোৱা হয় সেইকাৰণে অনবৰতে উদ্যম কৰিব লাগে ।
আশা কৰোঁ এই কথা বোৰ আপোনালোকৰ কামত আহিব ।। আপোনালোক সকলোৱে ব্যৱসায়ীত কৃতকাৰ্যতা লাভ কৰক বুলি কামনা কৰিলোঁ ।।

1 comment:

  1. ভাল লগিছে আপোনাৰ মতামত টো পায়। মোৰো মন আছে ব্যৱসায় কৰিব

    ReplyDelete