Tuesday 21 August 2018

অসমৰ জলবায়ুত আমেৰিকান হোৱাইট পেকিন হাঁহ পালনেৰে স্বাৱলম্বী হওঁ আহক


হাঁহপালন অসমীয়াৰ বাবে নতুন অধ্যায় নহয়।কিন্তু পৰম্পৰাগত হাঁহপালন ব‍্যৱস্থাত বহু সময়ত পালকসকল লোকচানৰ সন্মুখীন হয়।হাঁহপালনৰ ক্ষেত্ৰত হোৱা লোকচানৰ কাৰণ সমুহ অধ‍্যয়ন কৰি দেখা গৈছে যে পাতি হাঁহ এটাৰ পৰা কনী নাইবা মাংসৰে লাভান্বিত হ'বলৈ প্ৰায় এবছৰ সময় লাগে।সময় আৰু খাদ‍্যৰ পৰিমাণৰ দিশৰ পৰা চালে পৰম্পৰাগত হাঁহপালন ব‍্যৱস্থা লাভজনক নহয়।

সেয়ে নতুন চিন্তা কৰা হ'ল- হোৱাইট পেকিন হাঁহপালন।

ধনাত্মক দিশসমুহ-
১) কম সময়ত বিক্ৰীৰ বাবে সাজু:
এই প্ৰজাতিৰ হাঁহ ৪৫ দিন বয়সত বিক্ৰীৰ বাবে উপযুক্ত হয়।৪৫ দিনৰ প্ৰায় ২.৫ কেজি পৰ্যন্ত ওজন হয়।

২)কম ঠাইত অধিক পালন:
তুলনামূলক ভাৱে কম ঠাইতে অধিক পৰিমাণৰ হাঁহ পালন কৰিব পাৰি। বতাহ চলাচলৰ সুবিধা থকা বন্ধ গঁৰালতো এই হাঁহ পালন কৰিব পৰা যায়।


৩)কৃত্ৰিম পানী যোগান:
হাঁহ সাধাৰণতে পানীত চৰা প্ৰানী।পৰম্পৰাগত ভাৱে হাঁহ পালনৰ ক্ষেত্ৰত খাল,বিল আদি জলাশয়ৰ প্ৰয়োজন হয়।কিন্তু পেকিন হাঁহ পালনৰ ক্ষেত্ৰত প্ৰাকৃতিক জলাশয় ন'হলেও কৃত্ৰিমভাৱে পানী যোগান ধৰি ইয়াক পালন কৰিব পৰা যায়।

৪)মাংসৰ চাহিদা:
এই প্ৰজাতিৰ হাঁহৰ মাংসৰ অধিক চাহিদা দেখা যায়। ইয়াৰ সুস্বাদু মাংসৰ বাবে গ্ৰাহকসকলে অসমীয়া পাঁতি হাঁহতকৈ পেকিন হাঁহৰ মাংস বেছিকৈ বিচাৰে।

৫)কনীৰ মূল‍্য:
অসমীয়া পাঁতি হাঁহতকৈ এই প্ৰজাতিৰ হাঁহৰ কনীৰ পৰিমাণ কম। সেয়ে কনী পৰাৰ উপযুক্ত কৰি তুলিব পাৰিলে কনীৰ মূল‍্য অধিক পোৱা যায়।

Also read:জাপানিজ কুইল ফাৰ্মিং কেনেদৰে কৰিব

৬)ওজন:
 অন্য প্ৰজাতিৰ হাঁহসমুহ সাধাৰণতে ১.৩কেজিৰ পৰা ২কেজিতকৈ অধিক হোৱা দেখা নাযায়। কিন্তু পেকিন হাঁহ প্ৰায় ৬০ দিন বয়সত ৩-৪কেজি হোৱা দেখা যায়।

খাদ‍্য-প্ৰনালী:
এইবিধ হাঁহে কৃত্ৰিমভাৱে যোগান ধৰা খাদ‍্যৰ ওপৰিও প্ৰকৃতিৰ পৰা আহৰণ কৰা ধান-চাউল,মাছ,শামুক,জলজ পোক আদি খাদ্য হিচাবে গ্ৰহণ কৰে।

ৰোগ:
তুলনামুলক ভাৱে ৰোগ খুব কম।জন্মৰ পৰা প্ৰায় ২০দিন বয়সলৈ কেতবোৰ ৰোগে দেখা দিয়ে যদিও সামান্য যতন ল'লেই এই প্ৰজাতিৰ হাঁহসমুহ ৰোগৰ পৰা পৰিত্ৰাণ পায়।প্ৰায় এমাহকাল পাৰ হোৱাৰ পিছত ইহঁতৰ ৰোগ প্ৰায় নাই বুলিবই পাৰি।

পালন ব‍্যৱস্থাপনা:
ক)ঘৰ নিৰ্মাণ:
স্থানীয় ভাৱে উপলব্ধ বাঁহ-বেতৰ দ্বাৰাই ঘৰটো নিৰ্মাণ কৰি ল'ব পাৰি।নিৰ্মাণ ব‍্যয় প্ৰতি বৰ্গ ফুটত ৫০ টকাৰে এটা সুচল পালনগৃহ সাজি উলিয়াব পাৰি। বতাহ চলাচলৰ সুব‍্যৱস্থাৰ বাবে ঘৰৰ বেৰৰ ওপৰ অংশৰ ৭৫% জালিৰে আৱৰি দিব লাগে। ইয়াৰ লগে লগে হাঁহক আক্ৰমন কৰিব পৰা সাপ,নেউল আদিৰ পৰা ৰক্ষা পাবলৈ ব‍্যৱস্থা ল'ব লাগে। বিষ্ঠাবোৰ প্ৰতি দিনে পৰিস্কাৰ কৰা প্ৰয়োজন।

খ)পৰিস্কাৰ-পৰিছন্নতা আৰু ৰোগ ব‍্যৱস্থাপনা:
ঘৰটো সদায় পৰিস্কাৰকৈ ৰাখিব লাগে।মজিয়াখন পকী হ'লে পৰিস্কাৰ কৰিবলৈ সুবিধা হয়। অলাগতিয়াল বস্তু বোৰ ওলাই যাবৰ বাবে নলৰ ব‍্যৱস্থা থকা দৰকাৰ।
বেমাৰৰ লক্ষণ দেখিলে উক্ত হাঁহটো বেলেগ গৃহত আঁচুতীয়াকৈ ৰাখি পৰিচৰ্যা কৰিব লাগে,যাতে অন্য হাঁহলৈ বেমাৰ নিবিয়পে।

গ)সংহত হাঁহ-মাছ পালন:
নিজা পুখুৰী থাকিলে পালন ঘৰটো পুখুৰীৰ পাৰত নিৰ্মাণ কৰা প্ৰয়োজন।যিহেতু হাঁহৰ বিষ্ঠা মাছৰ উত্তম খাদ্য, সেয়ে বিষ্ঠাবোৰ নলৰ জৰিয়তে পোনে পোনে পুখুৰীত পেলোৱাৰ ব‍্যৱস্থা কৰি সংহত হাঁহ-মাছ পালনেৰে লাভান্বিত হ'ব পাৰি।

বজাৰৰ চাহিদা সন্দৰ্ভত অভিজ্ঞতা:
সুস্বাদু মাংসৰ বাবে বজাৰত ইয়াৰ চাহিদা যথেষ্ট।অসমৰ বজাৰৰ চাহিদা অনুপাতে যোগানৰ পৰিমাণ কমি থকা বাবে ইয়াৰ পালকসকল যথেষ্ট লাভান্বিত হব পাৰে।

বৰ্তমান অসমৰ মাংসৰ বজাৰত সৰ্বাধিক প্ৰচলিত ব্ৰইলাৰ মাংসৰ প্ৰতি গ্ৰাহকসকলে অনীহা প্ৰকাশ কৰা দেখা গৈছে।সেয়ে যদি পেকিন হাঁহৰ পালক সকলে বজাৰত চাহিদা অনুসৰি মাংসৰ যোগান ধৰিব পাৰো,তেতিয়া যথেষ্ট উপকৃত হম বুলি আশা কৰিব পাৰি।

(অসমত American white pekin হাঁহৰ পোৱালি পাবৰ বাবে যোগাযোগ কৰক-

Rajumani bhuyan
8876111868
SRB group of entrepreneurship)


জীৱনত এবাৰ হ'লেও ঘৰুৱা শিক্ষক হোৱাৰ অভিজ্ঞতা কিয় প্ৰয়োজন? চাওঁঁ আহক-

অনিন্দিতা স্বৰ্ণকাৰ
SRB Group of Entrepreneurship

Sunday 5 August 2018

How to increase your earning through rental business

How to increase your earnings through rental business-

1. Decorators or tent house:


Decorators or tent rental business is one of the businesses that does not need a special qualifications to start. The basis things you need are-
i. Capital
ii. Accounting skill
iii. Advertising and
iv. Determination to rise up.

2. House or flat renting:

Investing in real estate and starting a rental business always attracts people. Now-a-days,many people consider to remain a happy rentar.

3. Car renting:



Car renting business is the most growing industry from last few years. In the city like Guwahati, where the demand for rental car is extremely high. My suggestion is that you can serve privately or you can tie up with OLA or UBER.

4. Audio equipment renting:
It is a hard reality that very few individuals are taking the risk and venturing to start their own business in audio industry though there are many success stories of people who have started business related to audio.

My suggestions are that make a healthy plan and always try to make your customers happy.

5. Coffee maker renting:
In today's world,coffee maker renting is one of the best small scale businesses ever. You can rent this machine to the interested hotel owner,restaurant or street food cart or to event organizer.

6. Popcorn maker renting:
Alike to coffee maker renting business, you can rent popcorn making machine or vending machine to the interested one.
Related article:Earnings with zero investment

*Photo courtesy: Internet

By Anindita Swornakar
SRB group of entrepreneurship