Sunday 16 December 2018

টাৰ্কী ফাৰ্মিঙে কেনেদৰে আপোনাক দিব নতুন পৰিচয়



ব‍্যৱসায়িকভাৱে অসমত টাৰ্কী চৰাই পালন জনপ্ৰিয় আৰু লাভজনক হৈ উঠিছে।
খুব কম সময়ৰ ভিতৰতে ব্ৰইলাৰ পালনৰ দৰে টাৰ্কী পালনেও অসমীয়া যুৱক-যুৱতীক স্বনিয়োজনৰ সুন্দৰ পথ দেখুৱাবলৈ সক্ষম হৈছে।অন‍্যহাতে বহু লোকে টাৰ্কী চৰাইক পোহনীয়া চৰাইৰ দৰে(like a pet) পুহিবলৈ লৈছে।



টাৰ্কী ফাৰ্মিং কেনেদৰে আৰম্ভ কৰিব:

টাৰ্কী চৰাই পালনো আন চৰাই পালনৰ দৰে একেই। হাঁহ-কুকুৰা, পাৰ-কুইলৰ দৰেই ইয়াক ঘৰুৱাভাৱে সহজে পালন কৰিব পাৰি।

টাৰ্কী পালনৰ ক্ষেত্ৰত মন কৰিব লগীয়া দিশ কেইটা হ'ল-

Also read: ঘৰুৱা পেলনীয়া আৱৰ্জনাৰে কেঁচুসাৰ প্ৰস্তুত প্ৰণালী

1. জাত নিৰ্বাচন:
সমগ্ৰ পৃথিৱীতে বিভিন্ন জাতৰ টাৰ্কী উপলব্ধ।কিন্তু সকলোবোৰ জাতেই ব‍্যৱসায়িকভাৱে মাংসৰ বাবে পালন কৰিবলৈ উপযোগী নহয়।
লাভজনকভাৱে মাংস উৎপাদন কৰিবলৈ টাৰ্কীৰ আধুনিক জাতসমুহহে সংগ্ৰহ কৰা প্ৰয়োজন।

মাংস উৎপাদন কৰিবলৈ হলে উল্লেখযোগ্য প্ৰজাতিকেইটা হ'ল-
* Broad-breasted white
*Standard Bronze and White
*White Hollands আদি

2.বাঁহ নিৰ্মাণ:

ব‍্যৱসায়িক ভাৱে টাৰ্কী পালন কৰিবলৈ বাঁহটো বাতানুকুল ভাৱে সাঁজি লোৱাৰ প্ৰয়োজন।টাৰ্কী যিহেতু আন চৰাইতকৈ ডাঙৰ আৰু শক্তিশালী, সেয়ে অধিক পালন কৰিবলৈ হ'লে বহল এটুকুৰা ঠাই সুৰক্ষিতভাৱে বেৰি লোৱা ভাল।


*ঠাইখিনি বতাহ চলাচলৰ সুবিধা আৰু পৰ্যাপ্ত পোহৰ পৰা হব লাগে।

*দৈনিক চাফ-চিকুন কৰিব পৰা হব লাগে।

*বেৰ(Fencing)বোৰ যিমান সম্ভৱ সিমান ওখ আৰু মজবুত হ'লে চৰাইবোৰ অধিক সুৰক্ষিত হয়।

3.খাদ্য:

*উৎকৃষ্ট মানৰ খাদ‍্যই চৰাইবোৰক স্বাস্থ্যবান আৰু নিৰোগী কৰি ৰাখিব।

*পোৱালি অৱস্থাত ইহঁতক অধিক প্ৰ'টিনৰ প্ৰয়োজন হয়।


*প্ৰাপ্ত-বয়স্ক টাৰ্কীয়ে ঘাঁহ-বন আদিও খাদ্য হিচাবে গ্ৰহণ কৰে।
Also read:অসমৰ জলবায়ুত আমেৰিকান পেকিন হাঁহ পালন কৰি স্বাবলম্বী হওঁ আহক

ব‍্যৱসায়িক ভিত্তিত পালন কৰা টাৰ্কীবোৰ ১২-২০ সপ্তাহৰ ভিতৰত বজাৰলৈ উলিয়াই দিব পৰা যায়।অসমৰ বজাৰত ইয়াৰ চাহিদা দিনক দিনে বাঢ়ি আহিবলৈ ধৰিছে।ইয়াৰ কণী আৰু মাংসৰ মূল্য অধিক।

পশুপালনৰ ক্ষেত্ৰখনত অসমলৈ অহা এই নতুন বিপ্লৱৰ আপুনিও অংশীদাৰ হওঁক।

# টাৰ্কী ফাৰ্মিঙৰ বিভিন্ন দিহা আৰু ইয়াৰ পোৱালিৰ বাবে যোগাযোগ কৰক-

8473842676
SRB Group of Entrepreneurship
Darrang,Assam

Thanking you
Anindita Swornakar

Monday 10 December 2018

TOP TWENTY HOME BASED BUSINESS IDEAS FOR WOMAN IN INDIA

"A successful woman is one who can build a firm foundation with the bricks others have thrown at her..."

Let's discuss about top twenty home based business ideas for women in India

1. Day care centre

2. Home baked foods



3. Content writing


4. Blogging


5. Online cooking classes


6. Jewellery making


7. Fitness centre


8. Online clothing store



9. Designer saree making


10. Freelance photography



11. Home based plant nursery


12. Tutoring



13. Dance tutor


14. Event planner

You should read:Unique business ideas with one lac only

15. Consultancy


16. Handicrafts


17. Graphic designing

Related:  Five wonderful earning ideas with least or no money

18. Online boutique owner


19. Gift shop


Also read:How to increase your earning through rental business


20. Agriculture

**PHOTO COURTESY: INTERNET


Thanking you
Anindita swornakar
SRB Group of entrepreneurship

Thursday 22 November 2018

Most important life hacks...

1. At a restaurant wash your hands after ordering. The menu is generally the dirtiest thing you can touch.

2. Listening carefully to how a person speaks about other people to you. This is how they will speak about you to other.


3. If you are coughing uncontrollably, raise your hands above your head and it will stop.


4. When you are at an event hold your drink in your left hand. That way your right hand won't be cold or wet when you shake hands.


5. A person makes a lot of hand gestures when telling a true story. When telling a lie,a person's hands will stay noticeably still.


6. The best revenge is to move on,get over it,and continue to succeed. Never give someone the satisfaction of watching you suffer.


7. Pain makes you stronger. Fear causes you to become braver. Heartbreak makes you wiser.


8. To see if the batteries are good,drop them on the floor,if they bounce once,they are good. If they bounce more than once they are empty.


9. Dogs can see sadness in human and often attempt to make their owners happy by initiating cuddling.


10. Think of being with someone you like or love,the moment before you get your picture taken. It will give you a perfect natural smiles every time.


11. Pineapple juice is 5 times more effective than cough syrup. It also prevents cold and flu.


12. Wait 4-6 months before becoming too attached,it is in this time in which a person's true motives are revealed.


N.B. collected


By Anindita Swornakar

Thursday 15 November 2018

ঘৰতে এটা ক্ষূদ্ৰ উদ‍্যোগ গঢ় দিওঁ আহক-

উদ‍্যোগ বুলিলে  আপুনি বৃহৎ মুলধনেৰে বৃহৎ এলেকাত বৃহৎ উদ‍্যোগ গঢ় দিয়াক নুবুজায়।ঘৰতে আৰম্ভ কৰিব পৰা এটা ক্ষূদ্ৰ উদ‍্যোগৰ বিষয়ে জানোঁ আহক-




মছলাজাতীয় খাদ্যৰ ব্যৱহাৰ নোহোৱা ভাৰতীয় খাদ্যবস্তুৰ নাম কব পাৰিবনে! হয়তো নোৱাৰে।ভাৰতীয় প্ৰায়বোৰ খাদ্য প্ৰণালীতে মছলাৰ ব‍্যৱহাৰ হয়।অকল ব‍্যৱহাৰেই নহয়,ভাৰতবৰ্ষত প্ৰচুৰ পৰিমাণৰ মছলাজাতীয় খাদ্য সামগ্ৰী, যেনে- আদা,নহৰু,হালধি জিৰা,,জালুক,লং,ডালচেনী,মেথীগুটি,হিং,তেজপাত,জলকীয়া,নৰসিংহ,ধনীয়া আদি উৎপন্নও হয়।


Also read:ঘৰতে কম খৰচেৰে গঢ় দিব পৰা এটা উদ‍্যোগ হয় বিন্দি তৈয়াৰী উদ‍্যোগ। কেনেদৰে আৰম্ভ কৰিব চাবলৈ ক্লিক কৰক

ব‍্যৱসায়িকভাৱে উদ‍্যোগ এটা গঢ় দিবলৈ বহু মূলধনৰ প্ৰয়োজন হয় যদিও আৰম্ভণিতে খুব কম মূলধনেৰে ঘৰুৱাভাৱে মছলাজাতীয় সামগ্ৰীৰ উদ‍্যোগ এটা গঢ় দিব পাৰি।

Also read:ঘৰতে স্থাপন কৰিব পৰা দহটা ক্ষুদ্ৰ উদ‍্যোগৰ বিষয়ে জানক

প্ৰয়োজন হব-

1. এটা উদ‍্যোগগৃহ

2.ঘৰুৱা উদ‍্যোগ হিচাবে ৰেজিষ্ট্ৰেচন আৰু লাইসেঞ্চ

3.কেচাঁ সামগ্ৰী

4.প্ৰস্তুত প্ৰণালীৰ বাবে শ্ৰমিক

5.পেকেটিং সামগ্ৰী

6.বজাৰ

Also read:কি কি বস্তু, কেনেদৰে, কাক ভাৰালৈ দিব পাৰি চাওঁ আহক




বজাৰত সহজে উপলব্ধ সৰু সৰু পেকেটবোৰৰ আৰ্হিত মছলাজাতীয় সামগ্ৰীসমূহ গুণগতমান বজাই ৰাখি প্ৰণালীবদ্ধভাৱে বজাৰলৈ উলিয়াই দিব পাৰে, তেন্তে আপুনি কম মূলধনেৰে আৰম্ভ কৰা আপোনাৰ ব‍্যৱসায়ক পৰৱৰ্তী সময়ত প্ৰসাৰ কৰিবলৈ সমৰ্থ হব।

Photo courtesy: Internet

Thank you
Anindita Swornakar
SRB Group of Entrepreneurship

Tuesday 6 November 2018

ঘৰুৱা পেলনীয়া আৱৰ্জনাৰে কেঁচুসাৰ প্ৰস্তুত প্ৰণালী

ঘৰৰ পেলনীয়া জাৱৰ-জোঁথৰেৰে কেনেদৰে জৈৱিক কেচুসাৰ প্ৰস্তুত কৰিব চাওঁ আহক-

প্ৰথমেই কোৱা ভাল কেচুঁসাৰ সম্পূৰ্ণ জৈৱিক আৰু কমখৰচী।



বৰ্তমান সময়ত জৈৱিক সাৰৰ যোগেদি অধিক উৎপাদনৰ লগতে মাটিৰ স্বাস্থ্য আৰু পৰিৱেশ ৰক্ষা কৰাৰ প্ৰয়োজন আহি পৰিছে।ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱ প্ৰয়োগ কৰি উৎপাদন কৰা শাক-পাচলি, ফল-মূল বৰ্জন কৰি ঘৰতে জৈৱিকভাৱে উৎপাদন কৰিবলৈ ঘৰৰ পেলনীয়া জাৱৰ-যোঁথৰেৰে কম ঠাইতে কম খৰচেৰে 'কেচুঁসাৰ' প্ৰস্তুত কৰি লওঁক-



যিকোনো কেচুঁৱে কেচুঁসাৰ প্ৰস্তুত কৰিব নোৱাৰে।মূল তিনিবিধ কেচুঁ কেচুঁসাৰৰ বাবে ব‍্যৱহাৰ হয়-
ক) Eisenia Foetida (এইচেনীয়া ফটিদা)
খ) Eudrillus Eugunae (ইউড্ৰিলাচ ইউজিনী)
গ) Lumbricus Terrestris (লোমব্ৰিকাচ তেৰেষ্ট্ৰিছ)



প্ৰস্তুত প্ৰণালী:

১)কেচুঁসাৰৰ বাবে ১০ফুট দীঘল,৪ফুট বহল আৰু ৩ফুট ওখ(ইচ্ছানুসৰি আকাৰ সৰু-ডাঙৰ হব পাৰে) এটা টেংকী বনাই লব।টেংকীটো পকী,পাষ্টিকৰ বেগ নাইবা বাঁহেৰে নিৰ্মিত সুৰক্ষিত হব লাগে।



২)টেংকীৰ তলিঅংশ শিলগুটি নাইবা ইটাৰে তৰপ দি লব।

৩)তাৰ ওপৰত প্ৰায় ২ইঞ্চিৰ এটা বালিৰ তৰপ দিব।

৪)বালিৰ তৰপটোৰ ওপৰত প্ৰায় ১০ ইঞ্চিৰ পলসুৱা মাটিৰ তৰপ দিব।

৫)তাৰ ওপৰত গোৱৰৰ ৪-৫ ইঞ্চিৰ এটা তৰপ দিব লাগে।তাৰ ওপৰত পূৰ্বতে শুকুৱাই ৰখা জাৱৰ-যোথৰ,ঘাঁহ-বন আদি দিব।

Also read: অসমৰ জলবায়ুত আমেৰিকান হোৱাইট পেকিন হাঁহ পালন কৰি স্বাৱলম্বী হওঁ আহক

৬)পিছত প্ৰায় ১-১.৫ কেজি কেচুঁ মেলি দিব লাগে।

৭)জাৱৰ হিচাপে মেটেকা,কলগছ,ঘৰৰ পেলনীয়া শাক-পাচলিৰ বাকলি আদি দিব পাৰে।কলগছ সৰু সৰুকৈ কাটি দিলে কেচুঁবোৰৰ খাবলৈ সুবিধা হয়।

৮)তৰপবোৰ সেমেকাই ৰাখিবলৈ মাজে মাজে পানী চটিয়াই থাকিব।



৯)১৫ দিনমান পিছৰ পৰা তৰপবোৰ লুটিয়াই দিব লাগে।

১০)কেচুঁবোৰ বগাই আতঁৰি নাযাবলৈ মিশ্ৰণটোৰ ওপৰত বস্তাৰে ঢাকি ৰাখিব লাগে।লক্ষ্য ৰাখিব যাতে বতাহ চলাচলৰ সুবিধা থাকে।

১১)প্ৰায় ২-৩ মাহ পিছত কেচুঁঁসাৰ প্ৰস্তুত হব।আৱৰ্জনাবোৰ ক'লা বা মুগা বৰণৰ হ'লেই বুজা যাব যে কেচুসাৰ চপাবৰ হৈছে।



১২)সাৰবোৰ টেংকীৰ পৰা উঠাই আনি ৬-৭ ঘন্টাৰ বাবে ছাঁত শুকুৱাই চালনীৰে চালি কেচুঁবোৰ পৃথক কৰি পুণৰ টেংকীত মেলিব।

বি:দ্ৰ: বিহ ঢেকীয়া, প্লাষ্টিক,কচু আদি নিষিদ্ধ।



*বৰ্তমান কেচুঁসাৰৰ চাহিদা আৰু বজাৰ মূল্য অধিক। আপুনি ঘৰুৱা ব‍্যৱহাৰৰ ওপৰিও ব‍্যৱসায়িক ভাৱেও ইয়াৰ গঢ় দিব পাৰে।

কেচুঁ আৰু যিকোনো দিহাৰ বাবে যোগাযোগ কৰক-

Rajumoni bhuyan
8473842676

Anindita swornakar
8473955366
SRB Group of Entrepreneurship

Saturday 6 October 2018

ঘৰতে কম খৰচেৰে উদ‍্যোগ গঢ় দিওঁ আহক

আৰম্ভণি:
ভাৰতীয় মহিলাৰ বাবে এটা লাভজনক আৰু কম কষ্টকৰ উদ‍্যোগ হল- "বিন্দি তৈয়াৰী উদ‍্যোগ" ।


ভাৰতীয়, বিশেষকৈ অসমীয়া মহিলাই আৰম্ভ কৰিব পৰা বিভিন্ন ব‍্যৱসায়িক ধাৰণা আছে যদিও 'বিন্দি তৈয়াৰী উদ‍্যোগ'ৰ ধাৰণাটো এইকাৰণেই আগবঢ়াইছো,কিয়নো আমি আনক দেখিয়েই লাভ-লোকচানৰ চিন্তা নকৰাকৈ আনে কৰি থকা ব‍্যৱসায়কে হাতত লওঁ,ফলত পূৰ্বৰ পৰা ব‍্যৱসায় কৰি থকা গৰাকীৰো ব‍্যৱসায়ত কুপ্ৰভাৱ পৰে আৰু নিজৰো বিশেষ লাভালাভ নহয়।

বিন্দি তৈয়াৰী উদ‍্যোগ(Bindi Making Industry):

প্ৰতিগৰাকী ভাৰতীয় নাৰীয়ে কপালত এটি বিন্দিৰে নিজক সজাই ৰাখিব খোজে।তেনে ক্ষেত্ৰত এগৰাকী নাৰীক প্ৰতি দিনেই এটাকৈ বিন্দিৰ প্ৰয়োজন হয়।আপুনি জানি আচৰিত হব যে এটা বিন্দি তৈয়াৰী উদ‍্যোগ আপুনি আপোনাৰ ঘৰতে,অতি কম খৰচতে,কম সামগ্ৰীৰে গঢ় দিব পাৰিব।



কি কি প্ৰয়োজন হব-

১)এটা বিন্দি তৈয়াৰী মেচিন
২)মসৃণ ভেলভেট কাপোৰ
৩)বিভিন্ন উজ্জ্বল পাথৰ
৪)আঠা
৫)পেকেটিং সামগ্ৰী

বিন্দি তৈয়াৰী যন্ত্ৰ:

বিন্দি তৈয়াৰী যন্ত্ৰটোৱে বিন্দি প্ৰিন্টিং,কাটিং,ইলেকট্ৰনিক মটৰ আদি সামৰি লব।

মসৃণ ভেলভেট কাপোৰ:

বিন্দি তৈয়াৰৰ বাবে আটাইতকৈ প্ৰয়োজনীয় সামগ্ৰীবিধেই হৈছে কোমল ভেলভেটৰ কাপোৰ।( online আৰু standable দুয়োধৰণৰ বজাৰতে উপলব্ধ।কাপোৰৰ ৰঙৰ বিবিধতা,গুণাগুণ(Quality) আদিত উদ‍্যোগীয়ে গুৰুত্ব দিয়া উচিত।

উজ্জ্বল পাথৰ:
বিভিন্ন পাথৰেৰে বিন্দিসমুহ সজাই তুলিলে আকৰ্ষণীয়তা বৃদ্ধি পায়।


আঠা:
বিন্দিত ব‍্যৱহাৰ কৰা আঠাৰ গুণগত মানদণ্ডৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে,কিয়নো এবাৰ ব‍্যৱহাৰকাৰী অসন্তুষ্ট হ'লে দুনাই ক্ৰয় নকৰে।

পেকেটিং সামগ্ৰী:
বিন্দি সমুহ গ্ৰাহকে ক্ৰয় কৰিব পৰাকৈ সৰু সৰু পেকেট আৰু উদ‍্যোগৰ পৰা উলিয়াই দিবলৈ কাৰ্টুনৰ প্ৰয়োজন হব।

বিন্দি তৈয়াৰী প্ৰণালী:

১)প্ৰথমে ভেলভেটৰ কাপোৰ খনত পদ্ধতিগত ভাৱে আঠা লগোৱা হয়।

২)মেচিনৰ সহায়ত বিন্দিৰ আকাৰ দি টুকুৰা বনোৱা হয়।

৩)অন্য এখন কাগজত আঠাৰে লগাই(paste) দিয়া হয়।

৪)বিন্দিবোৰ প্ৰিন্টিং কৰা হয়(পাথৰ লগাবও পাৰি)

৫)শেষত, পেকেটত সাজু কৰা হয়।

বিন্দি তৈয়াৰী যন্ত্ৰ এটা প্ৰায় ১০০০-১০,০০০ টকাৰ ভিতৰত উপলদ্ধ হয়।আপুনি জানি উৎসাহী হব যে অসমৰ বজাৰত বিন্দিৰ চাহিদাৰ তুলনাত উৎপাদন কম।অসমৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংস্থাই বিন্দি তৈয়াৰৰ প্ৰশিক্ষণ দিয়ে। কম মূলধনেৰে আপুনিও ঘৰতে এটা বিন্দি তৈয়াৰী উদ‍্যোগ স্থাপন কৰাৰ কথা নাভাবেনে?


Related article:
1) ঘৰতে স্থাপন কৰিব পৰা ১০টা লাভজনক উদ‍্যোগ

2)Wonderful benefits of being a tutor

ফটো: ইন্টাৰনেট
Anindita Swornakar
SRB Group of Entrepreneurship

Sunday 30 September 2018

ঘৰতে স্থাপন কৰিব পৰা ১০টা লাভজনক ক্ষুদ্ৰ উদ‍্যোগ

উদ‍্যোগ বুলিলে আমি সাধাৰণতে ভাৱো কোটিৰ হিচাপত টকা,শ-শ বিঘা মাটি,প্ৰকাণ্ড প্ৰকাণ্ড কাৰখানা আদি। কিন্তু এনে বহু ক্ষুদ্ৰ উদ‍্যোগৰ কথা আমি অৱহেলা কৰোঁ, যিবোৰ আমি নিজ ঘৰতে কম মূলধনেৰে,কম ঠাইতে,কম জনশক্তিৰে স্থাপন কৰিব পাৰোঁ।

আজি এনে কেইটামান ক্ষুদ্ৰ উদ‍্যোগৰ বিষয়ে আলোচনা কৰিম,যিয়ে আপোনাক দিব পাৰে এক সুকীয়া মৰ্যাদা।উল্লেখযোগ‍্য যে এনেধৰণৰ ব‍্যৱসায়ৰ বাবে আপোনাক উচ্চ শিক্ষা, বিশেষ কোনো ডিগ্ৰী-ডিপ্লমাৰ প্ৰয়োজন নাই।

পাতনিতে উল্লেখ কৰো,ব‍্যৱসায় এটা চলাই নিবলৈ আপুনি সদায় সৎ,সংযমী,ধৈৰ্য্যশীল হোৱাৰ খুব প্ৰয়োজন।লগতে ব‍্যৱসায়ৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ,অনুজ্ঞাপত্ৰ, বীমা আদিৰ ক্ষেত্ৰত সদায় সচেতন হোৱা দৰকাৰ।

১)মমবাতি তৈয়াৰী উদ‍্যোগ(Candle making industry):
উদ‍্যোগ স্থাপনৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে যে মমবাতি তৈয়াৰী উদ‍্যোগ বৰ্তমান আটাইতকৈ জনপ্ৰিয় উদ‍্যোগ হিচাবে ভাৰতবৰ্ষৰ চুকে-কোনে গঢ় লৈ উঠিছে।ঘৰুৱা ব‍্যৱহাৰৰ উপৰিও গোটেই ভাৰতবৰ্ষত বিভিন্ন উৎসৱ-পাৰ্বণত মমবাতি ব‍্যৱহাৰ হয়।

মমবাতি তৈয়াৰী উদ‍্যোগত প্ৰথম মূলধন হিচাবে আপোনাক প্ৰয়োজন হব-
ক)এটা ক্ষুদ্ৰ উদ‍্যোগ গৃহ
খ)মমবাতি তৈয়াৰী এটা মেচিন
গ)কেঁচা সামগ্ৰী হিচাবে কিছু মম(wax) আৰু পেৰাফিন(paraffin)
ঘ)দৃষ্টিনন্দন আকাৰ দিবলৈ কিছুমান পাত্ৰ
ঙ)বিভিন্ন ৰং

২)বেকাৰী উদ‍্যোগ(Bakery industry):
ৰেষ্ট'ৰা সমুহৰ জনপ্ৰিয়তা বাঢ়ি অহাৰ লগে লগে বেকাৰীৰ প্ৰয়োজনীয়তা দ্ৰুত হাৰত বাঢ়িছে।

ক্ষুদ্র উদ‍্যোগ হিচাবে ঘৰতে বেকাৰী স্থাপন কৰি আপুনিও লাভৱান হব পাৰে। বজাৰ আৰু মানুহৰ খাদ্য ৰুচিৰ ওপৰত অধ‍্যয়ন একান্তই প্ৰয়োজন। অভিজ্ঞ কাৰীকৰৰ দ্বাৰা উচ্চ মানবিশিষ্ট খাদ্য তৈয়াৰ কৰি বজাৰলৈ উলিয়াই দিলে সমাদৃত নোহোৱাৰ কোনো শংকা নাথাকে।

বেকাৰী স্থাপনৰ বাবে আপোনাক প্ৰয়োজন হব-
ক)এটা উদ‍্যোগ গৃহ
খ)কেঁচা সামগ্ৰী হিচাবে আটা,ময়দা,বিভিন্ন তেল,কনী আদি
গ)বাচন-বৰ্তনকে ধৰি খাদ্য-সামগ্ৰী প্ৰস্তুতৰ বাবে সা-সৰঞ্জাম সমুহ
ঘ)কেইজনমান কাৰিকৰ।

Related:'ফুড কাৰ্ট'ৰ ব‍্যৱসায়েৰে কেনেদৰে লাভৱান হব পাৰি জানিবলৈ ক্লিক কৰক

৩)বিন্দি তৈয়াৰী উদ‍্যোগ(Bindi making industry):
ঘৰতে  খুব কম ঠাইতে, কম কষ্টৰে আৰম্ভ কৰিব পৰা এটা ব‍্যৱসায় হৈছে বিন্দি তৈয়াৰী উদ‍্যোগ।ভাৰতীয় মহিলাই পৰম্পৰাগত ভাৱে বিভিন্ন ডিজাইনৰ ফোটেৰে নিজক সজাই ৰাখে।বিন্দি হৈছে এটুকুৰা কোমল ভেলভেটৰ কাপোৰ, যাক কপালত লগাব পৰাকৈ পদ্ধতিগত ভাৱে সজাই তোলা হয়।

এই উদ‍্যোগত আপোনাক প্ৰয়োজন হব-
ক)বিন্দি তৈয়াৰী এটা মেচিন
খ)মসৃণ ভেলভেটৰ কাপোৰ
গ)উজ্জল পাথৰ
ঘ)আঠা আদি

৪)কাৰ্টুন তৈয়াৰী উদ‍্যোগ:(Cartoon making industry)
উদ‍্যোগীকৰণ আৰু আধুনিক সমাজ ব‍্যৱস্থাত আপুনি-মই সততে অনুভৱ নকৰা,কিন্তু প্ৰচুৰ পৰিমাণে ব‍্যৱহৃত এবিধ সামগ্ৰী হৈছে কাৰ্টুন। উদ‍্যোগ, কাৰখানা, দোকান-পোহাৰ আদিত দৈনিক অসংখ্য কাৰ্টুন ব‍্যৱহৃত হয়। কাৰ্টুন তৈয়াৰী উদ‍্যোগ স্থাপনেৰে আপুনি স্বাৱলম্বী হোৱাৰ কথা চিন্তা নকৰেনে?

আপোনাক প্ৰয়োজন হব-
ক)এটা উদ‍্যোগ গৃহ
খ)কাৰ্টুন তৈয়াৰী মেচিন
গ)কেইজনমান শ্ৰমিক
ঘ)কেঁচা সামগ্ৰী হিচাবে কাৰ্টুনৰ ক'ভাৰ কাগজ

Related article: Wonderful benefits of being a tutor

৫) 'কটন বাড' তৈয়াৰী উদ‍্যোগ(Cotton bud making Industry:
'কটন বাড' হৈছে এডাল সৰু শলাৰ এমূৰে বা দুয়োমূৰে কোমল কপাহেৰে মেৰিওৱা এবিধ অত‍্যন্ত প্ৰয়োজনীয় সামগ্ৰী।

আমাৰ দৈনন্দিন জীৱনত বিভিন্ন প্ৰসাধন সামগ্ৰী লগাবলৈ, মুলতঃ কানৰ মলি চাফ কৰিবলৈ 'কটন বাড' ব্যৱহাৰ কৰা হয়। ক্ষুদ্ৰ উদ্যোগ হিচাপে আপুনি কটন বাড তৈয়াৰী উদ্যোগ এটা স্থাপন কৰি লাভবান হোৱাৰ সম্ভাৱনা প্ৰকট।

প্ৰয়োজনীয় সামগ্ৰী সমূহ-
ক)কটন বাড তৈয়াৰী এটা মেচিন
খ)কপাহৰ পৰা বীজানু নিষ্কাশনৰ ব‍্যৱস্থা
গ)কেঁচা সামগ্ৰী হিচাবে শলাসমুহ,কপাহ আদি
ঘ)পেকেটিঙৰ বাবে সঠিক জোখৰ পেকেট

৬) খাম,ফাইল আদি তৈয়াৰী উদ‍্যোগ(Envelope,file etc making Industry):

বৰ্তমান বিভিন্ন কাৰ্যালয়-কাছাৰী,শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিস্থান আদিত খাম,ফাইল আদিৰ প্ৰয়োজনীয়তা অধিক।এনে চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি আপোনাৰ অঞ্চলত অতি কম খৰছেৰে খাম,ফাইল আদি তৈয়াৰ কৰিব পৰা উদ‍্যোগ গঢ় দিব পাৰে।


মূল প্ৰয়োজনীয় সামগ্ৰী সমূহ-
ক)খাম-ফাইল তৈয়াৰী মেচিন
(হাতেৰেও তৈয়াৰ সম্ভৱ)
খ)কেঁচা সামগ্ৰী হিচাপে ডাঠ-পাতল দুয়োধৰণৰ কাগজ
গ)আঠা আদি

৭)সাজ-পাৰ তৈয়াৰী উদ‍্যোগ(Garment making Industry):

আধুনিক সমাজ-ব‍্যৱস্থাত মানুহ অত্যন্ত সৌন্দৰ্য সচেতন আৰু সাজ-পাৰৰ ক্ষেত্ৰত বিলাসী হৈ পৰিছে। সাজ-পাৰ তৈয়াৰী উদ‍্যোগ বৰ্তমান অতি জনপ্ৰিয় আৰু লাভজনক হিচাবে পৰিগণিত হৈছে।নিজৰ সৃষ্টিশীলতাত ব‍্যৱহাৰেৰে আপুনি আকৰ্ষণীয় সাজ-পাৰ তৈয়াৰ কৰি বজাৰ দখল কৰিব পাৰে।

৮)মছলা জাতীয় সামগ্ৰীৰ পেকেটিং উদ‍্যোগ(packeting of various spices):
আমি দৈনিক বিভিন্ন মছলাজাতীয় সামগ্ৰীৰ সৰু সৰু পেকেট কিনি আনো।আপোনাৰ অঞ্চলত উপলব্ধ মছলা জাতীয় খাদ্য সামগ্ৰী সমূহ সংগ্ৰহ কৰি সৰু সৰু পেকেটত বিক্ৰী কৰি আপুনিও বজাৰ দখল কৰিব পাৰে।নকলেও সত্য যে মছলাজাতীয় সামগ্ৰীৰ চাহিদা অধিক আৰু ইয়াৰ ব‍্যৱসায় অত‍্যন্ত লাভজনক।

ইয়াৰ বাবে আপোনাক প্ৰয়োজন হব-
ক)কেঁচা সামগ্ৰী হিচাবে হালধি, জালুক,জিৰা,পকা জলকীয়া আদি।
খ)এটা খুন্দন যন্ত্ৰ(Mixer grinder)
গ)বিভিন্ন পেকেট
ঘ)পেকেটিঙৰ বাবে এটা মেচিন

ক্লিক কৰক-  মূলধন নোহোৱাকৈ কেনে ধৰণৰ ব‍্যৱসায় কৰিব পাৰে

৯) আইচ ক্ৰীম তৈয়াৰী উদ‍্যোগ(Ice-cream factory):
এক শকত উপাৰ্জন পাবলৈ আইচ ক্ৰীম তৈয়াৰী উদ‍্যোগ হল এটা উল্লেখযোগ্য ব‍্যৱসায়।কম মূলধনেৰে আৰম্ভ কৰিব পৰা এই ব‍্যৱসায়ত উপভোক্তা সকলক উচ্চ মানবিশিষ্ট খাদ্য যোগান ধৰাৰ খুব প্ৰয়োজন।


এই উদ‍্যোগৰ বাবে মূল প্ৰয়োজন-
ক) ৰেফ্ৰিজেৰেটৰ
খ)কেঁচা সামগ্ৰী হিচাবে গাখীৰ, ঘী,খাদ্যত ব‍্যৱহৃত ৰং আদি
গ)আকৰ্ষণীয় পাত্ৰ
ঘ)আইচ-ক্ৰীম কঢ়িওৱা ভান আদি।

১০)পাপড় তৈয়াৰী উদ‍্যোগ(Papad making Industry):

পাপড় এবিধ অতি সুস্বাদু আৰু জনপ্ৰিয় খাদ্য।পাপড় তৈয়াৰী উদ‍্যোগ এটা ঘৰতে কম খৰছেৰে গঢ় দিব পাৰি।সমগ্ৰ ভাৰততে মহিলা সকলৰ বিভিন্ন আত্ম-সহায়ক গোটে পাপড় তৈয়াৰ কৰি স্বাৱলম্বী হোৱাৰ লগতে মহিলা সবলীকৰণৰ ক্ষেত্ৰত হাত উজান দিছে। চৰকাৰী নাইবা বিভিন্ন বেচৰকাৰী সংস্থাৰ দ্বাৰা পাপড় তৈয়াৰ কৰাৰ প্ৰশিক্ষণ দিয়া হ'য়।

পাপড় তৈয়াৰী উদ‍্যোগৰ বাবে প্ৰয়োজন-
ক)পাপড় তৈয়াৰী মেচিন
খ)কেইগৰাকীমান শ্ৰমিক
গ)কেঁচা সামগ্ৰী হিচাবে ঘেঁঁহু,চাউলৰ গুৰি,মছলা,নিমখ,চ'দা আদি
ঘ)পেকেট

Related article: How to increase your earnings through rental business

*ফটো সৌজন‍্য: Internet

Anindita Swornakar
SRB group of entrepreneurship