Thursday 22 November 2018

Most important life hacks...

1. At a restaurant wash your hands after ordering. The menu is generally the dirtiest thing you can touch.

2. Listening carefully to how a person speaks about other people to you. This is how they will speak about you to other.


3. If you are coughing uncontrollably, raise your hands above your head and it will stop.


4. When you are at an event hold your drink in your left hand. That way your right hand won't be cold or wet when you shake hands.


5. A person makes a lot of hand gestures when telling a true story. When telling a lie,a person's hands will stay noticeably still.


6. The best revenge is to move on,get over it,and continue to succeed. Never give someone the satisfaction of watching you suffer.


7. Pain makes you stronger. Fear causes you to become braver. Heartbreak makes you wiser.


8. To see if the batteries are good,drop them on the floor,if they bounce once,they are good. If they bounce more than once they are empty.


9. Dogs can see sadness in human and often attempt to make their owners happy by initiating cuddling.


10. Think of being with someone you like or love,the moment before you get your picture taken. It will give you a perfect natural smiles every time.


11. Pineapple juice is 5 times more effective than cough syrup. It also prevents cold and flu.


12. Wait 4-6 months before becoming too attached,it is in this time in which a person's true motives are revealed.


N.B. collected


By Anindita Swornakar

Thursday 15 November 2018

ঘৰতে এটা ক্ষূদ্ৰ উদ‍্যোগ গঢ় দিওঁ আহক-

উদ‍্যোগ বুলিলে  আপুনি বৃহৎ মুলধনেৰে বৃহৎ এলেকাত বৃহৎ উদ‍্যোগ গঢ় দিয়াক নুবুজায়।ঘৰতে আৰম্ভ কৰিব পৰা এটা ক্ষূদ্ৰ উদ‍্যোগৰ বিষয়ে জানোঁ আহক-




মছলাজাতীয় খাদ্যৰ ব্যৱহাৰ নোহোৱা ভাৰতীয় খাদ্যবস্তুৰ নাম কব পাৰিবনে! হয়তো নোৱাৰে।ভাৰতীয় প্ৰায়বোৰ খাদ্য প্ৰণালীতে মছলাৰ ব‍্যৱহাৰ হয়।অকল ব‍্যৱহাৰেই নহয়,ভাৰতবৰ্ষত প্ৰচুৰ পৰিমাণৰ মছলাজাতীয় খাদ্য সামগ্ৰী, যেনে- আদা,নহৰু,হালধি জিৰা,,জালুক,লং,ডালচেনী,মেথীগুটি,হিং,তেজপাত,জলকীয়া,নৰসিংহ,ধনীয়া আদি উৎপন্নও হয়।


Also read:ঘৰতে কম খৰচেৰে গঢ় দিব পৰা এটা উদ‍্যোগ হয় বিন্দি তৈয়াৰী উদ‍্যোগ। কেনেদৰে আৰম্ভ কৰিব চাবলৈ ক্লিক কৰক

ব‍্যৱসায়িকভাৱে উদ‍্যোগ এটা গঢ় দিবলৈ বহু মূলধনৰ প্ৰয়োজন হয় যদিও আৰম্ভণিতে খুব কম মূলধনেৰে ঘৰুৱাভাৱে মছলাজাতীয় সামগ্ৰীৰ উদ‍্যোগ এটা গঢ় দিব পাৰি।

Also read:ঘৰতে স্থাপন কৰিব পৰা দহটা ক্ষুদ্ৰ উদ‍্যোগৰ বিষয়ে জানক

প্ৰয়োজন হব-

1. এটা উদ‍্যোগগৃহ

2.ঘৰুৱা উদ‍্যোগ হিচাবে ৰেজিষ্ট্ৰেচন আৰু লাইসেঞ্চ

3.কেচাঁ সামগ্ৰী

4.প্ৰস্তুত প্ৰণালীৰ বাবে শ্ৰমিক

5.পেকেটিং সামগ্ৰী

6.বজাৰ

Also read:কি কি বস্তু, কেনেদৰে, কাক ভাৰালৈ দিব পাৰি চাওঁ আহক




বজাৰত সহজে উপলব্ধ সৰু সৰু পেকেটবোৰৰ আৰ্হিত মছলাজাতীয় সামগ্ৰীসমূহ গুণগতমান বজাই ৰাখি প্ৰণালীবদ্ধভাৱে বজাৰলৈ উলিয়াই দিব পাৰে, তেন্তে আপুনি কম মূলধনেৰে আৰম্ভ কৰা আপোনাৰ ব‍্যৱসায়ক পৰৱৰ্তী সময়ত প্ৰসাৰ কৰিবলৈ সমৰ্থ হব।

Photo courtesy: Internet

Thank you
Anindita Swornakar
SRB Group of Entrepreneurship

Tuesday 6 November 2018

ঘৰুৱা পেলনীয়া আৱৰ্জনাৰে কেঁচুসাৰ প্ৰস্তুত প্ৰণালী

ঘৰৰ পেলনীয়া জাৱৰ-জোঁথৰেৰে কেনেদৰে জৈৱিক কেচুসাৰ প্ৰস্তুত কৰিব চাওঁ আহক-

প্ৰথমেই কোৱা ভাল কেচুঁসাৰ সম্পূৰ্ণ জৈৱিক আৰু কমখৰচী।



বৰ্তমান সময়ত জৈৱিক সাৰৰ যোগেদি অধিক উৎপাদনৰ লগতে মাটিৰ স্বাস্থ্য আৰু পৰিৱেশ ৰক্ষা কৰাৰ প্ৰয়োজন আহি পৰিছে।ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱ প্ৰয়োগ কৰি উৎপাদন কৰা শাক-পাচলি, ফল-মূল বৰ্জন কৰি ঘৰতে জৈৱিকভাৱে উৎপাদন কৰিবলৈ ঘৰৰ পেলনীয়া জাৱৰ-যোঁথৰেৰে কম ঠাইতে কম খৰচেৰে 'কেচুঁসাৰ' প্ৰস্তুত কৰি লওঁক-



যিকোনো কেচুঁৱে কেচুঁসাৰ প্ৰস্তুত কৰিব নোৱাৰে।মূল তিনিবিধ কেচুঁ কেচুঁসাৰৰ বাবে ব‍্যৱহাৰ হয়-
ক) Eisenia Foetida (এইচেনীয়া ফটিদা)
খ) Eudrillus Eugunae (ইউড্ৰিলাচ ইউজিনী)
গ) Lumbricus Terrestris (লোমব্ৰিকাচ তেৰেষ্ট্ৰিছ)



প্ৰস্তুত প্ৰণালী:

১)কেচুঁসাৰৰ বাবে ১০ফুট দীঘল,৪ফুট বহল আৰু ৩ফুট ওখ(ইচ্ছানুসৰি আকাৰ সৰু-ডাঙৰ হব পাৰে) এটা টেংকী বনাই লব।টেংকীটো পকী,পাষ্টিকৰ বেগ নাইবা বাঁহেৰে নিৰ্মিত সুৰক্ষিত হব লাগে।



২)টেংকীৰ তলিঅংশ শিলগুটি নাইবা ইটাৰে তৰপ দি লব।

৩)তাৰ ওপৰত প্ৰায় ২ইঞ্চিৰ এটা বালিৰ তৰপ দিব।

৪)বালিৰ তৰপটোৰ ওপৰত প্ৰায় ১০ ইঞ্চিৰ পলসুৱা মাটিৰ তৰপ দিব।

৫)তাৰ ওপৰত গোৱৰৰ ৪-৫ ইঞ্চিৰ এটা তৰপ দিব লাগে।তাৰ ওপৰত পূৰ্বতে শুকুৱাই ৰখা জাৱৰ-যোথৰ,ঘাঁহ-বন আদি দিব।

Also read: অসমৰ জলবায়ুত আমেৰিকান হোৱাইট পেকিন হাঁহ পালন কৰি স্বাৱলম্বী হওঁ আহক

৬)পিছত প্ৰায় ১-১.৫ কেজি কেচুঁ মেলি দিব লাগে।

৭)জাৱৰ হিচাপে মেটেকা,কলগছ,ঘৰৰ পেলনীয়া শাক-পাচলিৰ বাকলি আদি দিব পাৰে।কলগছ সৰু সৰুকৈ কাটি দিলে কেচুঁবোৰৰ খাবলৈ সুবিধা হয়।

৮)তৰপবোৰ সেমেকাই ৰাখিবলৈ মাজে মাজে পানী চটিয়াই থাকিব।



৯)১৫ দিনমান পিছৰ পৰা তৰপবোৰ লুটিয়াই দিব লাগে।

১০)কেচুঁবোৰ বগাই আতঁৰি নাযাবলৈ মিশ্ৰণটোৰ ওপৰত বস্তাৰে ঢাকি ৰাখিব লাগে।লক্ষ্য ৰাখিব যাতে বতাহ চলাচলৰ সুবিধা থাকে।

১১)প্ৰায় ২-৩ মাহ পিছত কেচুঁঁসাৰ প্ৰস্তুত হব।আৱৰ্জনাবোৰ ক'লা বা মুগা বৰণৰ হ'লেই বুজা যাব যে কেচুসাৰ চপাবৰ হৈছে।



১২)সাৰবোৰ টেংকীৰ পৰা উঠাই আনি ৬-৭ ঘন্টাৰ বাবে ছাঁত শুকুৱাই চালনীৰে চালি কেচুঁবোৰ পৃথক কৰি পুণৰ টেংকীত মেলিব।

বি:দ্ৰ: বিহ ঢেকীয়া, প্লাষ্টিক,কচু আদি নিষিদ্ধ।



*বৰ্তমান কেচুঁসাৰৰ চাহিদা আৰু বজাৰ মূল্য অধিক। আপুনি ঘৰুৱা ব‍্যৱহাৰৰ ওপৰিও ব‍্যৱসায়িক ভাৱেও ইয়াৰ গঢ় দিব পাৰে।

কেচুঁ আৰু যিকোনো দিহাৰ বাবে যোগাযোগ কৰক-

Rajumoni bhuyan
8473842676

Anindita swornakar
8473955366
SRB Group of Entrepreneurship