Saturday 6 October 2018

ঘৰতে কম খৰচেৰে উদ‍্যোগ গঢ় দিওঁ আহক

আৰম্ভণি:
ভাৰতীয় মহিলাৰ বাবে এটা লাভজনক আৰু কম কষ্টকৰ উদ‍্যোগ হল- "বিন্দি তৈয়াৰী উদ‍্যোগ" ।


ভাৰতীয়, বিশেষকৈ অসমীয়া মহিলাই আৰম্ভ কৰিব পৰা বিভিন্ন ব‍্যৱসায়িক ধাৰণা আছে যদিও 'বিন্দি তৈয়াৰী উদ‍্যোগ'ৰ ধাৰণাটো এইকাৰণেই আগবঢ়াইছো,কিয়নো আমি আনক দেখিয়েই লাভ-লোকচানৰ চিন্তা নকৰাকৈ আনে কৰি থকা ব‍্যৱসায়কে হাতত লওঁ,ফলত পূৰ্বৰ পৰা ব‍্যৱসায় কৰি থকা গৰাকীৰো ব‍্যৱসায়ত কুপ্ৰভাৱ পৰে আৰু নিজৰো বিশেষ লাভালাভ নহয়।

বিন্দি তৈয়াৰী উদ‍্যোগ(Bindi Making Industry):

প্ৰতিগৰাকী ভাৰতীয় নাৰীয়ে কপালত এটি বিন্দিৰে নিজক সজাই ৰাখিব খোজে।তেনে ক্ষেত্ৰত এগৰাকী নাৰীক প্ৰতি দিনেই এটাকৈ বিন্দিৰ প্ৰয়োজন হয়।আপুনি জানি আচৰিত হব যে এটা বিন্দি তৈয়াৰী উদ‍্যোগ আপুনি আপোনাৰ ঘৰতে,অতি কম খৰচতে,কম সামগ্ৰীৰে গঢ় দিব পাৰিব।



কি কি প্ৰয়োজন হব-

১)এটা বিন্দি তৈয়াৰী মেচিন
২)মসৃণ ভেলভেট কাপোৰ
৩)বিভিন্ন উজ্জ্বল পাথৰ
৪)আঠা
৫)পেকেটিং সামগ্ৰী

বিন্দি তৈয়াৰী যন্ত্ৰ:

বিন্দি তৈয়াৰী যন্ত্ৰটোৱে বিন্দি প্ৰিন্টিং,কাটিং,ইলেকট্ৰনিক মটৰ আদি সামৰি লব।

মসৃণ ভেলভেট কাপোৰ:

বিন্দি তৈয়াৰৰ বাবে আটাইতকৈ প্ৰয়োজনীয় সামগ্ৰীবিধেই হৈছে কোমল ভেলভেটৰ কাপোৰ।( online আৰু standable দুয়োধৰণৰ বজাৰতে উপলব্ধ।কাপোৰৰ ৰঙৰ বিবিধতা,গুণাগুণ(Quality) আদিত উদ‍্যোগীয়ে গুৰুত্ব দিয়া উচিত।

উজ্জ্বল পাথৰ:
বিভিন্ন পাথৰেৰে বিন্দিসমুহ সজাই তুলিলে আকৰ্ষণীয়তা বৃদ্ধি পায়।


আঠা:
বিন্দিত ব‍্যৱহাৰ কৰা আঠাৰ গুণগত মানদণ্ডৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে,কিয়নো এবাৰ ব‍্যৱহাৰকাৰী অসন্তুষ্ট হ'লে দুনাই ক্ৰয় নকৰে।

পেকেটিং সামগ্ৰী:
বিন্দি সমুহ গ্ৰাহকে ক্ৰয় কৰিব পৰাকৈ সৰু সৰু পেকেট আৰু উদ‍্যোগৰ পৰা উলিয়াই দিবলৈ কাৰ্টুনৰ প্ৰয়োজন হব।

বিন্দি তৈয়াৰী প্ৰণালী:

১)প্ৰথমে ভেলভেটৰ কাপোৰ খনত পদ্ধতিগত ভাৱে আঠা লগোৱা হয়।

২)মেচিনৰ সহায়ত বিন্দিৰ আকাৰ দি টুকুৰা বনোৱা হয়।

৩)অন্য এখন কাগজত আঠাৰে লগাই(paste) দিয়া হয়।

৪)বিন্দিবোৰ প্ৰিন্টিং কৰা হয়(পাথৰ লগাবও পাৰি)

৫)শেষত, পেকেটত সাজু কৰা হয়।

বিন্দি তৈয়াৰী যন্ত্ৰ এটা প্ৰায় ১০০০-১০,০০০ টকাৰ ভিতৰত উপলদ্ধ হয়।আপুনি জানি উৎসাহী হব যে অসমৰ বজাৰত বিন্দিৰ চাহিদাৰ তুলনাত উৎপাদন কম।অসমৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংস্থাই বিন্দি তৈয়াৰৰ প্ৰশিক্ষণ দিয়ে। কম মূলধনেৰে আপুনিও ঘৰতে এটা বিন্দি তৈয়াৰী উদ‍্যোগ স্থাপন কৰাৰ কথা নাভাবেনে?


Related article:
1) ঘৰতে স্থাপন কৰিব পৰা ১০টা লাভজনক উদ‍্যোগ

2)Wonderful benefits of being a tutor

ফটো: ইন্টাৰনেট
Anindita Swornakar
SRB Group of Entrepreneurship