Wednesday 16 May 2018

শূন‍্য মূলধনেৰে উপাৰ্জন কৰো আহক

আপুনি  উপাৰ্জনশীল  হব  খোজে, কিন্তু কৰিব কি? যদি আপুনি আৰম্ভনিতে মূলধন অবিহনে উপাৰ্জন কৰিব খুজিছে,তেন্তে আপোনালৈ আগবঢ়াইছো কেইটামান Business ideas, যিবোৰ আপুনি ঘৰত বহি মূলধন নোহোৱাকৈ,কম কষ্টৰে চলাই নিব পাৰিব-

১.টিউচন:   শিক্ষকতাক পৃথিৱীৰ সন্মানীয় বৃত্তি বুলি কোৱা হয়।প্ৰায় সকলো ছাত্র-ছাত্রীয়ে গণিত, ইংৰাজী, বিজ্ঞান আদি বিষয়ত সাহাৰ্য‍্য বিচাৰে।আপুনি যিহেতু শিক্ষিত,তেন্তে ঘৰুৱা শিক্ষকতাই আপোনাক উপাৰ্জন দিয়াৰ লগতে যিকোনো চাকৰি আদিৰ ইন্টাৰভিউৰ বাবে update কৰি ৰাখিব।

২.সৃষ্টিশীলতাৰ বিক্ৰী: আপোনাৰ সৃষ্টিশীলতাক বিক্ৰী কৰি আপুনি উপাৰ্জন কৰিব পাৰে । wall hanging,বেগ, পেইন্টিং, চাদৰ-মেখেলা,শাৰী,বিভিন্ন অলংকাৰ,বাঁহ-বেতৰ সামগ্ৰী আদি ইন্টাৰনেটৰ জৰিয়তে সহজে বিক্ৰী কৰি আপোনাৰ উপাৰ্জনৰ পথ মুকলি কৰক।

৩.চিলাই কাম: আপুনি আপোনাৰ সাজ-পাৰযোৰ সুন্দৰ আৰু পাৰি-পাটিকৈ পিন্ধিব বিচাৰে, কিন্তু দেহত খাপ খোৱাকৈ কাপোৰ যোৰ চিলাই লব নাজানে।চিলাইৰ বাবদ দৰ্জীৰ নিৰিখ কিমান আপোনাক নিশ্চয় জনোৱাৰ দৰকাৰ নাই।মাথোঁ সোঁৱৰাইহে দিছো যে এমাহ বা দুমাহৰ প্ৰশিক্ষণ লৈ আপুনি কম মূলধনেৰে অধিক উপাৰ্জন কৰিব পাৰে।

৪.হাঁহ-কুকুৰা পালন: পৃথিৱীৰ আটাইতকৈ ধনী ব‍্যক্তি বিল গেইটক সোধা হৈছিল যে যদি তেওঁৰ হাতত মাত্ৰ ১০০ টকা দিয়া হয়,তেওঁ কি কৰিব?তেতিয়া তেওঁ মিচিকিয়াই উত্তৰ দিছিল যে তেওঁ এটা মূৰ্গী কিনিব , যিটোয়ে উপযুক্ত বয়সত কনী পাৰিব আৰু আৰু উম দি পোৱালি জগাব।এনেদৰেই তেওঁ ব‍্যৱসায় বঢ়াব।গতিকে বহলাই নকলেও হাঁহ-কুকুৰা পালনৰ লাভালাভ আপুনি বুজিছে নিশ্চয়।

৫.ভাড়া দিয়া: আপোনাৰ অব‍্যৱহৃত ঘৰটো নাইবা গাড়ী এখন ভাড়া দি আপুনি উপাৰ্জনৰ পথ মুকলি কৰিব পাৰে।

৬.যোগ নাইবা ব‍্যায়ামৰ প্ৰশিক্ষক: বৰ্তমান সময়ত যোগ নাইবা ব‍্যায়ামৰ প্ৰয়োজনীয়তা কিমান সকলোৱে বুজি উঠিছে। প্ৰশিক্ষক হিচাবে আপুনি সেৱা প্ৰদান কৰি মূলধন অবিহনেই উপাৰ্জন কৰিব পাৰে।

৭.চুলি কটা: অতি কম খৰচেৰে আৰম্ভ কৰিব পৰা এটা ৱ‍্যবসায় হৈছে চুলি দাড়ি কটা। ইয়াৰ বাবে প্ৰয়োজন মাথো নিপুণতা আৰু কেইবিধমান সৰঞ্জাম।

আৰু বহুতো সহজ উপাৰ্জনৰ মাধ‍্যম আছে, আপুনি বিচাৰিলে comment ত জনাম।

(উপাৰ্জনশীল হব খোজা সকলৰ বাবে আন এটা পোষ্ট-http://anindita18.blogspot.com/2018/07/social-networking-sites.html?m=1 )